Breaking

বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত ক্ষুদ্ৰ চাহ খেতিয়কৰ উত্তাল প্ৰতিবাদ

0 92

বিগত বৰ্ষৰ আগষ্ট- চেপ্টেম্বৰ মাহৰ পৰা চাহ কোম্পানীৰ ফেক্টৰীত বিক্ৰী কৰা কেচা চাহপাতৰ ধন আজি পৰ্যন্ত নাপালে ক্ষুদ্ৰ খেতিয়কে। যাৰ বাবে আৰ্থিক সংকটত ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

উপায়ান্তৰ হৈ বুধবাৰে পুৱাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতাপগড় চাহ বাগিচাত সমবেত হৈ নিজৰ প্ৰাপ্য ধন বিচাৰি বাগিচাখনৰ কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে৷ আনকি প্ৰতাপগড় চাহ বাগিচাৰ এইচ অ’ পিৰ সৈতেও তীব্ৰ বাক বিতণ্ডাত লিপ্ত হ’বলগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

উল্লেখ্য যে ২০২২ চনৰ পৰা মেকলয়ড ৰাছেল কোম্পানীৰ বাগিচাসমূহৰ কৰ্তৃপক্ষই ক্ষুদ্ৰ চাহ খেতিয়কক দিয়া নাই কেঁচাপাতৰ প্ৰাপ্য ধন। এই সম্পৰ্কত বিগত বৰ্ষত বহু কাকতি মিনতি প্ৰতিবাদ কৰাৰ অন্তত ১০ জুনত বিষয়টোৰ সন্দৰ্ভত আলোচনা হৈছিল যদিও কোনো ফল নধৰিলে।

অৱশেষত উপায়বিহীন হৈ বিশ্বনাথৰ বুৰৈ, ডফলাগড়, বিহালী, বেদেতী আদি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতাপ চাহ বাগিছাৰ এইচ অ’ পি কাৰ্যালয়ত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। পিচে পৰিস্থিতি বিষম দেখি কাৰ্যালয়ৰ পৰা পলায়ন কৰে এইচ অ’ পি বিষয়া গৰাকীয়ে।

-বালিচা পৰা ৰমেশ চন্দ্ৰ চৰেণ

Leave A Reply