Breaking

স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান স্মাৰ্ট দুৰ্বৃত্তৰ ! স্কুটিত মৃতদেহ লৈ মুক্ত বিচৰণ অপৰধীৰ…

0 51

অপৰাধী চক্ৰৰ ওচৰত যেন অসহায় হৈ পৰিছে মহানগৰীৰ স্মাৰ্ট আৰক্ষী। কটকটীয়া নিৰাপত্তাৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটীত যেন ন্যুনতম নিৰাপত্তা নাই নাগৰিকৰ। কালি অৰ্থাত শনিবাৰে নুনমাটি অঞ্চলত এগৰাকী সন্দেহজনক হত্যাকাৰীয়ে এটা মৃতদেহ স্কুটিত কঢ়িয়াই লৈ ফুৰিছিল পেলাই দিয়াৰ উদ্দেশ্যে। চি চি কেমেৰাত এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক অবগত কৰে। কিন্তু আৰক্ষী অহাৰ উমান পাই স্কুটিসহ মৃতদেহ এৰি পলায়ন কৰে দুৰ্বৃত্তটোৱে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বামুনীমৈদামৰ লোহিত দৰ্জি বুলি সদৰি কৰে । ১৪ নং গনেশ মন্দিৰ পথত সংঘটিত ঘটনাটোৱে সকলোকে আতংকিত কৰি তুলিছে।

এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে বুধবাৰে মনপাৰাত জলপাইগুৰিৰ দুৰ্বৃত্তই গৌৰৱ গোৱেল নামৰ ব্যক্তি গৰাকীৰ হাতৰ পৰা ৫ লাখ টকা কাঢ়ি উধাও হয়। এইচ ডি এফ চি বেংকৰ পৰা ধনৰাশি উলিয়াইছিল এটা কোম্পানীৰ কৰ্মচাৰী গোৱেলে। আৰক্ষীয়ে ইতিমধ্যে চাৰি দুৰ্বৃত্তৰ সন্ধান পোৱা বুলি জানিবলৈ দিয়ে। এই চাৰি দুৰ্বৃত্ত জলপাইগুৰিৰ মুন্না ৰায়, ধীৰেন্দ্ৰ গোৱালা, বীৰেণ আৰু টিকলু বুলি সদৰি কৰি আৰক্ষীয়ে ফটাশিল আমবাৰী থানাৰ এটা আৰক্ষীৰ দল জলপাইগুৰিত বাহৰ পতা বুলি জানিব পৰা গৈছে। শাৰদীয় পুজাৰ বতৰত বহিঃৰাজ্যৰ অপৰাধী মহানগৰখনত বাহৰ পাতিছে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চলাই গৈছে অপৰাধমূলক কাৰ্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হাৰিয়ানা, দাৰ্জিলিঙ, ঝাৰখণ্ড আদিৰ পৰা ১৯ জনীয়া প্ৰবঞ্চকৰ এটা দলে ট্ৰেভেল এজেঞ্চীৰ সদস্য বুলি পৰিচয় দি চিকিৎসকক লুটিবলৈ বাহৰ পাতিছিল মহানগৰীৰ হোটেলত। এগৰাকী চিকিৎসকৰ উপস্থিত বুদ্ধিত প্ৰবঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Leave A Reply