Breaking

দক্ষিণ কামৰূপ লীগৰ চুড়ান্ত খেল, চেম্পিয়ন শিমলা নৱজ্যোতি যুৱক সংঘ…

0 84

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বি ডিভিজন আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কালি অনুষ্ঠিত হয়৷ চূড়ান্তখেলত শিমলা নৱজ্যোতি যুৱক সংঘ ফুটবল দলে চেম্পিয়ন হবলৈ সক্ষম হৈছ । সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলত নৱজ্যোতি ক্লাবে বামুণীগাঁও ফুটবল ক্লাবক ১-০ গোলত পৰাস্ত কৰে ।

উল্লেখ্য যে সোণতলী ফুটবল একাডেমীৰ সহযোগত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ ৮ টা ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথম বাৰ্ষিক প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন চাবলৈ আজি ৫ সহস্ৰাধিক দৰ্শকৰ সমাবেশ হৈছিল । প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বামুণীগাঁৱৰ নিয়োজিৎ ৰাভা, শ্ৰেষ্ঠ সৰ্বোচ্চ গোলদাতাৰ সন্মান লাভ কৰে হেপ্পী স্প’ৰ্টছ ক্লাবৰ চিন্ময় কলিতাই।

চুড়ান্ত খলখনৰ মুকলি ও বঁটা বিতৰণি সভাত বিশিষ্ট অতিথিৰূপে সোনতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফুদ্দিন আহমেদ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী নগৰমল স্বৰ্গীয়াৰী, বিশিষ্ট সাংবাদিক আজাদ ওচমান গণি, দক্ষিন কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি, ফুটবল সম্পাদক ৰণজিৎ দাস, স্থানীয় আঞ্চলিক সদস্য মইনুল হক, সভাপতি তাইজুদ্দিন আহমেদ, প্ৰাক্তন সভাপতি জাহিদূল ইছলাম আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ স্মৰ্তব্য যে ছেমি ফাইনেলত জয়ী হৈয়ো আজি ফাইনেল খেলাৰ পৰা বঞ্চিত হয় হেপ্পী স্প’ৰ্টচ ক্লাব ।

বিজিত বামুণীগাঁও ফুটবল ক্লাবৰ অভিযোগমতে হেপ্পী ক্লাবৰ এগৰাকী খেলুৱৈৰ পঞ্জীয়নৰ খেলিমেলি ধৰা পৰাৰ বাবেই বঞ্চিত হবলগা হয় দলটো৷

Leave A Reply