Breaking

ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ, UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই…

0 26

ৰাজ্যৰ হাজাৰ হাজাৰ ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। কিয়নো UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে চৰকাৰে। মুছলিম, খ্রীষ্টান, জৈন, বৌদ্ধ, পাৰ্টীৰ বাবে এই সুবিধা কৰা হৈছে। ৮০% চৰকাৰী অনুদানেৰে ল’ব পাৰিব ক’চিং। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিছে এই বিশেষ সুবিধা।

UPSC প্রশিক্ষণ ল’ব বিচৰা ধর্মীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই

ধর্মীয় সংখ্যালঘু ছাত্র-ছাত্রীক UPSC পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্রশিক্ষণ গ্রহণ কৰিবলৈ কৰিব লাগিব অনলাইন আৱেদন। আৱেদন কৰিবলৈ টাইপ কৰক amdb.assam.gov.in।

উল্লেখ্য যে আৱেদনৰ বাবে অন্তিম সময়সীমা ২৪ জানুৱাৰী।

আৱেদন কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চর্তঃ

১. অভিভাৱকৰ বাৰ্ষিক আয় হ’ব লাগিব সর্বাধিক ৩ লাখ টকা।

২. UPSCৰ প্ৰশিক্ষণৰ বাবে স্নাতক উত্তীর্ণ বাধ্যতামূলক।

৩. ধর্মীয় সংখ্যালঘুৰ বাবে পাঠ্যক্রমৰ সময়সীমা ১ বছৰ।

৪. ২১ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব আৱেদনকাৰীৰ বয়স।

৫. অনলাইনত জমা দিয়া নথিপত্ৰৰ অৰিজিনেল কপী নিব লাগিব কাউন্সিলিঙত।

আৱেদনৰ সময়ত অসুবিধাত পৰিলে ফোনযোগে কৰিব পাৰিব যোগাযোগ। আৱেদনকাৰীৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। সবিশেষ তথ্য জানিবৰ বাবে টাইপ কৰক 7635998002 ।

Leave A Reply