Breaking

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

0 90

“মানৱীয় প্রমূল্যবোধত উদ্বুদ্ধ শিক্ষাইহে প্ৰকৃত শিক্ষা। সেয়ে ছাত্ৰ-ছাত্ৰীসকল সজাগ সচেতন হ-ব লাগে”-সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক কোচ ৰাজবংশী মূল, যুব আৰু মহিলা সন্মিলনীৰ সহযোগত অনুষ্ঠিত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় আক্ৰাছু’ৰ উপদেষ্টা গৌতম চহৰীয়াই।

তেখেতে আৰু কয়, “ডাক্তৰ, ইঞ্জিিনিয়াৰ যিয়ে নহওক মা -দেউতাক কেতিয়াও পাহৰি নাযাব। নিজৰ শিপাক পাহৰি গ’লে সেই শিক্ষাৰ অৰ্থ মূল্যহীন”।

পানেৰী আঞ্চলিকৰ সভাপতি নয়নজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে সমাজ সেৱক বিকন ডেকাই। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে অতিথিৰ ভাষণত শিক্ষাৰ্থীসকলক সামাজিক দায়বদ্ধতা, অধ্যয়নশীল মানসিকতা, এগৰাকী ভাল ছাত্ৰ -ছাত্ৰী, পিতৃ -মাতৃৰ প্ৰতি অগাধ ভক্তি ৰাখিবলৈ আহ্বান জনায়।

সদৌ কোচ ৰাজবংশী সম্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে মুখ্য অতিথিৰূপে উপস্থিত থাকি জাতিটোৰ উত্তৰণৰ হকে শিক্ষাৰ্থীসকল গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। অহা বৰ্ষত কোচ ৰাজবংশী উন্নয়ন পুঁজিৰে এপিএছচি, ইউপিঅফচি আদি পৰীক্ষাত অৱতীৰ্ণ হবলৈ কৰ্মশালা অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰে।


সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচে আঁতধৰা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক  চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উতীৰ্ণ ৬০ গৰাকী বিদ্যাৰ্থীক উষ্ম অভিনন্দন জনায়।

সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নীলধৰ ডেকা, বিশিষ্ট নাগৰিক ৰমণী চহৰীয়া, পানেৰী সাহিত্য সভাৰ সভাপতি মুজাফৰ ৰহমান,ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱজিৎ ডেকা, হেমধৰ ডেকা, ভেৰগাঁও জিলা কোচ ৰাজবংশী ন্যাস সমিতিৰ যোগেন্দ্ৰ শইকীয়া, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মিণ্টো বৰুৱা,

সাধাৰণ সম্পাদক ৰতন ডেকা, বিশিষ্ট কবি কিৰণ বৰা, সাংবাদিক নাৰায়ণ ডেকা, বাপন শৰ্মা, টংলা প্ৰেছ ক্লাব, পানেৰী প্ৰেছ ক্লাব, কলাইগাঁও প্ৰেছ গীল্ডৰ বিষয়ববীয়া, টংলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অমৰজিত ৰাভা, ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন তাঁতী,বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, সদৌ বিটিআৰ গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিজুল হক , পানেৰী আঞ্চলিক ৰাজবংশী মূল ,যুৱ আৰু মহিলা সন্মিলনীৰ বিষয়ববীয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু উপস্থিত থাকে। পুৱাৰ ভাগত পানেৰী আঞ্চলিক আক্ৰাছু’, সন্মিলনী, যুৱ আৰু মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতি নয়নজ্যোতি ডেকা, সভাপতি তীৰ্থনাথ বৰুৱা, সভাপতি চিত্ৰ বৰুৱা আৰু সভানেত্ৰী সৰস্বতী ডেকাই।

গেজেৰকুছি কৃষ্টি দলে কুচান নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে গীতৰ শৰাই আগবঢ়াই অনুষ্ঠানটো জীপাল কৰে।

Leave A Reply