Breaking

শাক-পাচলিৰ পিছত মাংসৰ অনলাইন ব‍্যৱসায় আৰম্ভ : কলিয়াবৰৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

0 51

কলিয়াবৰ

লকডাউনৰ জটিলতাৰ মাজতো আহিছে কিছু সুযোগ। সেই সুযোগৰ সদব‍্যৱহাৰ কৰি নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে বহুজনে। যি ব‍্যৱসায়িক চিন্তা মানুহৰ মনলৈ অহাই নাছিল, জীৱন আৰু জীৱিকাৰ তাৰণাত সেই চিন্তা বাস্তৱত ৰূপায়িত হ’বলৈ আৰম্ভ হ’ল এই সময়তে। নতুন নিজে অৰ্থনৈতিকভাৱে লাভাৱান্বিত হোৱাৰ লগতে লকডাউনৰ সময়ত ঘৰতে বন্দী হৈ থকা লোকসকলৰ দুৱাৰ মুখত মনে বিচৰা সামগ্ৰী যোগান ধৰি সহায়ৰ হাতো আগবঢ়াইছে৷ কলিয়াবৰ মহকুমাত ইতিমধ‍্যে অনলাইন শাক-পাচলিৰ ব‍্যৱসায়ে সমাদৰ লাভ কৰাৰ পিছত নতুনকৈ আৰম্ভ কৰা মাংসৰ অনলাইন ব‍্যৱসায়েও কলিয়াবৰীয়া ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছে।কলিয়াবৰৰ দুই নিবনুৱা যুৱকে আৰম্ভ কৰিছে অনলাইন মাংস ব‍্যৱসায়ৰ প্ৰশংসনীয় পদক্ষেপ। লকডাউনৰ সময়ছোৱাত হাত সাৱটি বহি নাথাকি ঘৰতে আৰম্ভ কৰিলে অনলাইনত মাংস যোগান ধৰা ব্যৱসায়ৰ এই নতুন চিন্তাত সাৰ পানী যোগালে কলিয়াবৰ মহকুমা প্ৰশাসনে। প্ৰশাসনৰ অনুমতি সাপেক্ষে কলিয়াবৰৰ লুহিত বৰা আৰু মানসজ্যোতি বৰাই এপ্ৰিল মাহৰ পৰা কলিয়াবৰৰ বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে খাহী, স্থানীয় কুকুৰা, ব্ৰয়লাৰ মাংস। দুই যুৱকে কলিয়াবৰবাসীৰ পৰাও লাভ কৰিছে আশাপ্ৰদ সমাদৰ। বৰ্তমান কলিয়াবৰৰ দৈনিক পোন্ধৰৰ পৰা বিশজন ব্যক্তিয়ে অনলাইনত ক্ৰয় কৰি আহিছে। যুৱক দুজনৰ এনে আশাব‍্যঞ্জক পদক্ষেপক শলাগ লৈছে সকলোৱে। আশা কৰিব পাৰি, নিজৰ পথাৰ-বজাৰ দখল কৰাৰ বাবে কলিয়াবৰৰ দুই যুৱকৰ অনুকৰণীয় পদক্ষেপে আন বহু সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিব।

Leave A Reply