Breaking

ছাত্ৰীসকলে সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ

0 89

২০১৭ চনত নতুনকৈ অসমৰ বিভিন্ন স্থানত মুঠ এঘাৰখন পলিটেকনিক কলেজ নিৰ্মাণ কৰাৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক মহাবিদ্যালয়ত আজিও ছাত্ৰী নিবাসৰ ব্যৱস্থা হৈ উঠা নাই। চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক কলেজখন প্ৰতিষ্ঠা হোৱাৰ লগে লগে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ চৌহদত ছাত্ৰী নিবাস নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবামাহ উকলি গ’ল যদিও বৰ্তমানলৈকে ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি নহ’ল যাৰ বাবে ছাত্ৰী সকলে আশুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে।

ধেমাজি পলিটেকনিক কলেজৰ ছাত্র একতা সভাৰ উপ সভাপতি দেৱত্ত দত্ত আৰু সহকাৰী সম্পাদিকা ৰূপা মৰাণে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে ২০১৭ চনত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাসটোৰ নিৰ্মাণৰ কাম কেইবামাহৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিছেচ কিন্তু আজিও ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি কৰি ছাত্ৰীসকলৰ কল্যাণৰ বাবে চিন্তা কৰা পৰিলক্ষিত হোৱা নাই। ছাত্ৰী নিবাসটোৰ আন্তঃগাঁথনিৰ প্ৰায় নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে।

অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা ধেমাজি পলিটেকনিকৰ ছাত্ৰী নিবাসটো মুকলি কৰিব বুলি আশ্বাস দিয়াৰ পাছতো কি ৰহস্যৰ বাবে আজিলৈকে মুকলি কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্র একতা সভাৰ নেতৃত্বই। অসমৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক অৱস্থা স্বচ্ছল নথকা পৰিয়ালৰ ছাত্ৰীসকলে অধিক দামত ব্যক্তিগত ভাড়া ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে আৰু ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে বুলি উল্লেখ কৰি ধেমাজি পলিটেকনিক কলেজত ছাত্ৰী নিবাসৰ লগতে ছাত্র নিবাসৰ উপৰি খেলপথাৰ উন্নয়নৰ বাবে চৰকাৰক দাবী জনাইছে ছাত্ৰ একতা সভাৰ নেতৃত্বৰ লগতে টিএমপিকেৰ কৰ্মীয়ে।

Leave A Reply