Breaking

বঙাইগাঁৱৰ চিকিৎসকৰ সাফল্য, দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে জন্ম দিলে ক’ভিড নিগেটিভ সন্তান

0 2,038

 চাৰিওফালে কেৱল বেয়া খবৰ ৷তাৰ মাজতে এটা ভাল খবৰ আহিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৷ এই ভাল খবৰৰ মূল ব্যক্তিসকল হ’ল চিকিৎসালয়খনৰ চিকিৎসক ,নাৰ্চ আদি ৷ এই ভাল খবৰটো হ’ল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে বৃহস্পতিবাৰে জন্ম দিয়ে ক’ভিড নিগেটিভ সন্তান ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এগৰাকী মহিলাই সন্তান প্ৰসৱৰ পূৰ্বে চহৰখনৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় ল’ৱাৰ আসাম হাস্পতালত ভৰ্তি হৈছিল ৷ ৰক্তহীনতা আৰু আনুসংগিক উপসৰ্গত ভোগা প্ৰসূতি গৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ পিছত  অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডা: হাফিজা আহমেদ, এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডা: গীতিকা পাঠক, অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ, এছএনচিইউ চিষ্টাৰ গীতাঞ্জলি দাস,ৱাৰ্ড বয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী দ্বীপমালা বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ লক্ষ্যণীয় যে মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি ক’ভিড নিগেটিভ বুলি জানিব পৰা গৈছে ৷ আনহাতে বঙাইগাঁও চহৰৰ সমীপৰ মূলাগাঁৱৰ নোৱাগাঁও প্ৰথমখণ্ডৰ এগৰাকী মহিলাক চহৰখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চিলাৰায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়খনত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হোৱাত পিছলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডাঃগৌতম দাস,এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডাঃএমএম ৰহমান,অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ,এছএনচিইউ চিষ্টাৰ আৰমিনা বেগম ,ৱাৰ্ডবয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী বাসন্তী বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাৰে অস্ৰোপচাৰ কৰাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷  লক্ষ্যণীয় যে মহিলা গৰাকীয়ে জন্ম দিয়া সন্তানটিও ক’ভিড নিগেটিভ বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ অস্ত্ৰোপচাৰ কৰাৰ সময়ত চিকিৎসককে ধৰি সকলোৱে পিপিই কিট পৰিধান কৰিছিল ৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ এই সফলতা নিশ্চয়কৈ ক’ভিডৰ এই বেয়া খবৰৰ মাজত এটা ভাল খবৰ হিচাপে পৰিগণিত হ’ব ৷ 

Leave A Reply