Breaking

প্ৰধান মন্ত্ৰীৰ পোষণ শক্তি নিৰ্মানৰ অধীনত সপ্তাহজোৰা শ্ৰীঅন্ন প্ৰচাৰ আৰু প্ৰসাৰ আঁচনিৰ সফল সমাপ্তি

0 63

বৰপেটা জিলাত বিগত বৰ্ষৰ ৩ আগষ্টৰ পৰা আন্তঃর্জাতিক শ্রীঅন্ন বর্ষ উদযাপনৰ লগত সংগতি ৰাখি প্রধান মন্ত্রী পোষণ শক্তি নিৰ্মাণৰ অধীনত ৰূপায়ণ হৈ থকা সপ্তাহজোৰা শ্রীঅন্ন প্ৰকৰণ ও প্ৰসৰণ উদযাপন কাৰ্যৰ আজি সফল সমাপ্তি ঘটে।

সপ্তাহজোৰা কাৰ্যসূচীৰ আজি শেষৰ দিনাখনো বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰে আৰু মিলেটচ সম্পৰ্কে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীক সজাগ কৰে।

লগতে ছাত্ৰ ছাত্ৰীৰ লগত মিলেটচৰ জুতিও লয়। ১১২২ নং বৰপেটা নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত অনুষ্ঠিত এক সভাত তেওঁ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীয়ে ২০২৩ বৰ্ষটোত অন্ন আঁচনিৰ যোগেদি বিভিন্ন পৰিকল্পনা যুগুত কৰা হৈছে বুলি কয় আৰু এই আঁচনিখন সফল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সকলোকে আহ্বান জনায়৷

দত্তই মিলেটচৰ উপকাৰীতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাই দিয়ে। ১১২২ নং বৰপেটা নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত অনুষ্ঠিত সভাত তেওঁৰ লগত উপস্থিত থাকে সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আঁচনি বিষয়া সীতাংগ ডেকা আৰু এফ এল এন জিলা প্ৰলোচক মিনাক্ষী দাস।

Leave A Reply