Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ উদযাপন

0 76

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰতিকুল বতৰক নেওচি অনুষ্ঠিত হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন অন্তিম তথা সপ্তম দিনৰ কাৰ্যসূচী। জাতীয় সংগীতেৰে আৰম্ভ হয় আজিৰ কাৰ্যসূচী। সভাৰ সভাপতিত্ব কৰে বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ শ্ৰী প্ৰদীপ্ত বৰুৱা।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে। সভাত উপস্থিত থকা মান্য গন্য ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সভাত বন্যপ্ৰাণী সংৰক্ষণ,জৈৱ বৈচিত্ৰ্য ৰক্ষনাবেক্ষণ আদিৰ গুৰুত্ব সম্পৰ্কে,তথা বিভিন্ন সময়ত,বিভিন্ন কাৰণত উদ্যানৰ পৰা জনবসতি অঞ্চললৈ ওলাই অহা বনৰীয়া জীৱ-জন্তুক ৰক্ষনা বেক্ষণ, ৰাইজৰ সহায় সহযোগিতা, সজাগতা আদিৰ বিষয়ে সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

বৰ্তমান পৰ্যটক সকলৰ বাবে বিভিন্ন সমস্যাৰ সমাধান ক্ষেত্ৰত উদ্যান কতৃপক্ষই নতুনকৈ কেইবাটাও তাম্বোটেন্ড, ৰেষ্টোৰেন্ট আৰু দুটাকৈ ব্যক্তিগত অতিথিশালা গঢ়ি তুলিছে আৰু নতুনকৈ সংযোজন হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ২০০ বৰ্গ কিলোমিটাৰ হোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত মিলিত হোৱাৰ পথ ওলাইছে।যাৰ ফলস্বৰুপে উদ্যান খনৰ জীৱ জন্তুৰ বিচৰণ কৰাৰ সুবিধা জনক হ’ব বুলি জনায় বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ প্ৰদীপ্ত বৰুৱাই।


যোৱা সাত দিন ধৰি উদ্যান কতৃপক্ষই চলাই যোৱা চিত্ৰাংকন প্ৰতিযোগিতা নলবাৰী প্ৰাথমিক বিদ্যালয়,ৰঙাগড়া শান্তিময় একাডেমী,দলবাৰী কছাৰী প্ৰাথমিক বিদ্যালয়,ফটাশিমুলু মধ্য ইংৰাজী বিদ্যালয় আৰু বইৰালী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্যান কতৃপক্ষই এখনি মান পত্ৰ আৰু বটাৰে পুৰস্কৃত কৰা হয়। আজিৰ সভাত উপস্থিত থাকে সভাত উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ প্ৰদীপ্ত বৰুৱা,‌ৰাজিব হাজৰিকা সহ বন‌ সংৰক্ষক ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দীপজ্যোতি দেউৰী, আঞ্চলিক বন‌ বিযষয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিলীপ নাথ জেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজ কৰ্মী,ঢেকিয়াজুলি আব্দুল আজিজ জেষ্ঠ সাংবাদিক দলগাঁও, আব্দুল মালেক যুৱ সমাজ সংগঠক শিলবৰী লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক, গাঁও ৰক্ষী বাহিনী সম্পাদক, সভাপতি,ই.ডি.চি.সমিতিৰ সদস্য, সভাপতি,পিচাৰ কৰ্মী সকল সভাত উপস্থিত থাকে।

Leave A Reply