Breaking

খৈৰাবাৰী মহাবিদ্যালয়ত প্ৰাক্তন বিদ্যাৰ্থীৰ সতীৰ্থ সন্মিলনৰ সফল সামৰণি

0 81

ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সমন্বয়ৰ বাবে মত ভাৱ বিনিময়ৰ বাবে ৮ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন আয়োজন কৰা হৈছিল৷

খৈৰাবাৰী মহাবিদ্যালয় খন ১৯৯১ চনৰ ১৬ আগষ্টত প্ৰতিষ্ঠা হৈছিল৷ তেতিয়াৰ পৰা কোনো সন্মিলন আয়োজন কৰা হোৱা নাছিল৷ সতীৰ্থ সন্মিলনৰ লগত সংগতিৰাখি মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° দেৱব্ৰত সেনে৷

আদৰণি বক্তব্য ৰাখে মহাবিদ্যালয়ৰ অধ্যাপক ড° নৃপেশ কলিতাই ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ মিলন চন্দ্ৰ বড়োই ৷ সন্মানীয় অতিথি হিচাপে অৱসৰী অধ্যক্ষ ড° হিৰণ ডেকা নাৰ্জী,বৰ্তমানৰ খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত সেন,প্ৰাক্তন ছাত্ৰ খৈৰাবাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰূপেশ্বৰ বড়োই উপস্থিত থাকি ৰোমাঞ্চকৰ অতীত স্মৰণ কৰে৷

আমন্ত্ৰিত অতিথিৰূপে  দুবাৰকৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে অধিষ্ঠিত তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন ডেকাই মহাবিদ্যালয়ৰ তাহানীৰ শৈক্ষিক পৰিবেশ আৰু বৰ্তমান পৰিবেশ সম্পৰ্কে ব্যাখ্যা কৰে। এন আৰ ডি এছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী সুবিৰ  সৰকাৰে ভাষন প্ৰদান কৰে দ্বীপেন ডেকানামখলা

Leave A Reply