Breaking

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অধিৱেশনৰ সফল সমাপ্তি

0 2,068

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ সাংস্কৃতিক সংঘত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখনি কালি সফল সমাপ্তি ঘটে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা স্বৰ্গীয় পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰ উদ্ধোধন কৰে হাতীগড় মায়ামৰা মূলনীসত্ৰৰ সত্ৰাধিকাৰ  চক্ৰেশ্বৰ মহন্তই  পিছতেই আৰম্ভ হয় বিভিন্ন প্ৰতিযোগিতা। প্ৰতিযোগিতা অন্তত “অ আমাৰ গাওঁ” কায্যসূচী হিচাপে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী চুমনি চাপৰি গাওঁ পৰিভ্ৰমণ কৰি সমস্যাৰ বুজ লয় ত্ৰিশ জনীয়া এটি সাংবাদিক দলে ৷ দ্বিতীয় দিনা ডিৰাক চাৰিআলিৰ পৰা কাকপথাৰ সাংস্কৃতিক সংঘলৈ চেমনীয়া মাৰাথান দৌৰ প্ৰতিযোগিতাৰ পিছতেই পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড‌‌‌‌’ ঋষি দাসে, স্মৃতি তৰ্পন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে, প্ৰয়াত সাংবাদিক পৰাগ ভূঞা প্ৰতিচ্ছবিত মাল্যাৰ্পন  আৰু বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড’ ঋষি দাসে  সভাপতিত্ব কৰা প্ৰতিনিধি  সভাখনত জিলাখনৰ প্ৰায় শতাধিক  সাংবাদিকে অংশগ্ৰহণ কৰে । প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে ডুমডুমাৰ অনুজ কলিতাক সভাপতি, মাৰ্ঘেৰিটাৰ ৰাণাজ্যোতি নেওঁগক সম্পাদক হিচাপে লৈ কৰি ২০২১-২৩ বৰ্ষৰ বাবে দায়িত্বভাৰ অৰ্পন কৰে ৷ অধিৱেশনখনিৰ লগত সংগতি ৰাখি জিলাখনৰ কবি সকলৰ মাজত ৰতন বৰা আৰু অৰুণা গগৈ বৰুৱাৰ সঞ্চালনাত ন-পুৰণি এখন কবি সন্মিলনো অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত জিলাখনৰ প্ৰায় অৰ্ধশতাধিক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰে ৷ তৃতীয় তথা অন্তিম দিনা দলীয় নৃত্য প্ৰতিযোগিতাৰ পিছতেই মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতা,সম্পাদক টুটুমনি ফুকন, ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁইৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বহুকেইজন প্ৰাক্তন সভাপতি, সম্পাদক উপস্থিত থাকে ৷ অধিৱেশনৰ লগত সংগতি ৰাখি জনধ্বনি আৰু প্ৰতিফলন নামেৰে দুখনকৈ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ মুকলি সভাতেই জিলা সাংবাদিক সন্থাই ভদ্ৰকৃঞ্চ গোস্বামী সোৱঁৰণী সাংবাদিকতা বঁটা সোণাৰীৰ দিপক বৰালৈ, কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰয়াত পৰাগ ভূঞা সোৱঁৰণি শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা ডিগবৈ ৰিণা কাকতি গগৈলৈ আৰু প্ৰয়াত সোমেশ্বৰ কলিতা সোৱঁৰণী পৰিৱেশ সুৰক্ষা বঁটা প্ৰকৃতি প্ৰেমী কৃঞ্চকান্ত গগৈলৈ আগবঢ়াই ৷

Leave A Reply