Breaking

তিনিদিনীয়া কাৰ্য্যসূচীৰে সুৰজিৎ একাডেমীৰ “উত্তৰ-পূৱ পুতলা নাচ সমাৰোহ ২০২২”

0 2,280

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে লোক কলা সমূহৰ ওপৰত প্ৰাধান্যতা দি অহৰহ কাম কৰি আহিছে। একাডেমীৰ সভাপতি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মা আৰু অধ্যক্ষা তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীয়ে হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। ন-প্ৰজন্মক কলা সমুহৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে । ইতিমধ্যে বহু শিক্ষিত বহু যুৱক যুৱতী কলা সমূহ পৰিৱেশন কৰিবলৈ ওলাই অহাটো অসমৰ বাবে শুভ লক্ষন । শিক্ষাৰ ক্ষেত্ৰত মনোগ্ৰাহী কৰিবলৈও বিদ্যালয়-মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত সুৰজিৎ একাডেমীয়ে পুতলা নাচ পৰিবেশন কৰাৰ লগতে কৰ্মশালা-আলোচনা চক্ৰ কৰি আহিছে ।

অসমত পোন প্ৰথম বাৰৰ বাবে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত ১১, ১২ আৰু ১৩ মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড. বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” অনুষ্ঠিত হৈ যায়। “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” ৰ মূল বিষয় বস্তু ৰামায়নৰ কাহিনীৰ ওপৰত আছিল। প্ৰতিটো নাট্য দলে ৰামায়নৰ কাহিনীৰ বিষয় লৈ পুতলা নাট পৰিৱেশন কৰে।সমাৰোহৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী ১১ মাৰ্চ তাৰিখে আবেলি ৩ বজাত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা শিক্ষাবিদ অধ্যাপক ড. ননী গোপাল মহন্তই। বিশিষ্ট অতিথি হিচাপে থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। উদ্ধোধনী ভাষণত নতুন শিক্ষা নীতিত ভাৰত চৰকাৰে পুতলা নাচৰ মাধ্যমৰ জৰিয়তও কিছু পাঠ্যক্ৰমত সংলগ্ন কৰি শিক্ষা প্ৰদান কৰিছে লগতে অসম চৰকাৰে ও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু পুতলাৰ জৰিয়তে শিক্ষা প্ৰদানত ছাত্ৰ ছাত্ৰী সকল অতি মনোগ্ৰাহী হৈ পৰিব। বিনীতা দেৱীয়ে ন- প্ৰজন্মক লোক কলাৰ প্ৰতি আগ্ৰহী কৰাতো অসমৰ বাবে শুভ কাৰ্য্য। সমাৰোহৰ কাৰ্য্যসূচীত অসমৰ নটৰাজ পুতলা থিয়েটাৰে অজয় শৰ্মাৰ পৰিচালনাত পুতলা নাট “ৰাম বনবাস” আৰু ত্ৰিপুৰাৰ মা তৃপুৰীস্বৰিয়ে সুৰেশ চন্দ্ৰ দাসৰ পৰিচালনাত “সীতা হৰণ” পুতলা নাট পৰিবেশন কৰে ।নাট দুখনে লোক বাদ্য-নৃত্য-সংগীতেৰে হৃদয়ঙ্গম কৰি তুলিছে। পুতলা সমুহৰ সঞ্চালনত কোনো জড়তা নাছিল। অতি সুন্দৰ ভাৱে দুয়োটা দলে পুতলা নাট পৰিৱেশন কৰিছে।

দ্বিতীয় দিনা ১২ মাৰ্চ তাৰিখে পুতলা নাচ সমাৰোহ উদ্ধোধন কৰে শিক্ষাবিদ তথা যশস্বী কণ্ঠশিল্পী ড. অনিমা চৌধুৰীয়ে। উদ্ধোধনী ভাষণত অসমৰ অতি পুৰণি কলাক নাট সমাৰোহ কাৰ্যৰে শিল্পী সকলক উৎসাহিত কৰাৰ লগতে ন-প্ৰজন্মক কলাটোৰ প্ৰতি আকৰ্ষিত কৰিব। শিক্ষাৰ ক্ষেত্ৰত পুতলা নাচ অতি উত্তম পথ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ আগৰ এই কলা জীৱিত ৰূপ আগ বঢ়াই নিয়া বাবে একাডেমীক শলাগ লয়। লোককলা বিধক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমত সন্নিবিষ্টও কৰিছে। সমাৰোহত ম’হখুলি পুতলা নাচ সমিতিয়ে বাণীকান্ত বৰ্মনৰ পৰিচালনাত “সীতাৰ সয়ম্বৰ” পৰিবেশন কৰে। নাট খনত অসমৰ লোক বাদ্য সংগীতৰ লগতে পৌৰাণিক দিনৰ পৰা চলি অহা পেপাৰ জৰিয়তে পুতলাৰ কথোপকথন সুন্দৰ ভাবে পুতলাৰ জৰিয়তে পৰিৱেশত হয়। নাটত ২৫০ বছৰীয়া পুতলা ৰাৱণ পৰিবেশন কৰে। অসমৰ আটাইতকৈ পুৰণা দলটোৱে হৈছে ম’হখুলি পুতলা নাচ সমিতি । তৃতীয় দিনা ১৩মাৰ্চ তাৰিখে “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য তথা শিক্ষাবিদ ড. মৃণাল কুমাৰ বৰা । বিশিষ্ট অতিথি হিছাপে থাকে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ তথা অসমৰ যশস্বী কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু অসমৰ যশস্বী কথাছবি পৰিচালক ৰাজেন ৰাজখোৱা। উদ্ধোধনী ভাষণত ড. মৃণাল কুমাৰ বৰাই সমাৰোহ কাৰ্যৰে অসমৰ হেৰাই যোৱা কলাক প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগ বঢ়াব। বিনীতা দেৱীৰ অহোপুৰুষাৰ্থ কষ্টত পুতলা নাচ পুন:জীৱন পাইছে আৰু ন-প্ৰজন্মক কলাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছে। তাৰোপৰি “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে পৰিবেশন কৰা


পৰিচালক বিনীতা দেবী অসমত প্ৰথম। পুতলাক ভাওনাৰ ৰূপ দিয়াটো প্ৰশংসাৰ যোগ্য। জিতুল সোণোৱালে সমাৰোহ আয়োজন কৰা কাৰ্য্যক শলাগ লয়। সমাৰোহ কাৰ্য অসমৰ বাবে শুভ কাৰক । লোক কলাক এইদৰে আগ বঢ়াই নিয়া বাবে সীমান্ত শৰ্মা আৰু বিনীতা দেৱীক প্ৰশংসা কৰে। শিক্ষিত ব্যক্তি লোক কলা সমূহ আগ বঢ়াই নিয়া কাৰ্য উত্তৰ পূৰ্বাঞ্চলৰ বাবেই শুভ ক্ষণ। অংকীয়া নাট পুতলাৰ জৰিয়তে পৰিবেশন কৰিব ওলোৱা বাবে বিনীতা দেৱী ধন্যবাদৰ পাত্ৰ।সমাৰোহৰ শেষৰ দিনা বিনীতা দেৱীৰ পৰিচালনাত অসমৰ মুকাক পাপেট থিয়েটাৰে পৰিৱেশন কৰে “অংকীয়া নাট ৰাম বিজয়” পৰিবেশন হয় । অংকীয়া নাট খনৰ প্ৰতিটো দিশ পুতলাৰ জৰিয়তে পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। নাট খনত পুতলা সমূহৰ সঞ্চালন মানৱৰ জৰিয়তে কৰা যেন অনুভৱ হৈছিল দৰ্শকৰ। ভাওনাৰ সম্পূৰ্ণ তাল লয় সুন্দৰ ভাবে পুতলা সমূহ নিয়ন্ত্ৰণ কৰি পৰিৱেশন কৰে। পুতলা সমুহৰ সঞ্চালন তথা আঙ্গিক সঞ্চালন অতি সুন্দৰ। পুতলা সমূহ বনোৱা কাৰ্য, সাজ সজ্জা আদি সুন্দৰ হৈছে। বিনীতা দেৱীৰ পৰিচলনা প্ৰসংসাৰ যোগ্য। প্ৰতিটো খণ্ড সুন্দৰ ভাৱে উপস্থাপন কৰিছে। অংকীয়া নাট খনত ১৮ জনে পুতলা সমূহ সঞ্চালন কৰে। বিনীতা দেৱীয়ে পৰিচলনা কৰা অংকীয়া নাটত প্ৰায় আঠ গৰাকী শিশু ও পুতলা নাট পৰিৱেশন কৰা কাৰ্যত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, দৰ্শক সকলে মুগ্ধ হৈ পৰে। সকলোৱে শিশু সকলক মৰমেৰে আঁকোৱালি লয়। বিনীতা দেৱীৰ এনে পদক্ষেপ সকলোৱে শলাগ লয়। বৰ্তমান আধুনিকতাৰ যান্ত্ৰিক যুগত এইদৰে শিশু, শিক্ষিত যুৱক-যুৱতীক লৈ “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে কৰি অসমৰ কলাক আগবঢ়াই নিয়া কাৰ্য সমাৰোহত উপস্থিত থকা কাৰ্য শলাগ লয়। ভবিষ্যতে ও
সুৰজিৎ একাডেমীৰ বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই ন -প্ৰজন্মক লোক কলা সমূহ প্ৰশিক্ষণ প্ৰদান কৰি এইদৰে আগবঢ়াই নিয়াৰ লগতে ভবিষ্যতে এনে ধৰণৰ সমাৰোহ পাতিবলৈ অনুৰোধ কৰে ।

Leave A Reply