Breaking

বৰনৰ্দ্দীত সুশীলভূষণ শৰ্মাৰ ‘ধৰ্ম আৰু অৰ্থ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

0 2,206

“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷ এই মন্তব্য  বিশিষ্ট নিৱন্ধকাৰ , নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দীনমণি ভাগৱতীৰ ৷ কালি  পশ্চিম  নলবাৰী অঞ্চলৰ  বৰনৰ্দ্দীস্হ  পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্হিত গ্ৰন্থ উন্মোচনী সভাত বৰনৰ্দ্দীৰ বিশিষ্ট নিৱন্ধকাৰ তথা অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া সূশীলভূষণ শৰ্মাৰ প্ৰৱন্ধ পুঁথি “ ধৰ্ম আৰু গ্ৰন্থ” উন্মোচন কৰি এনেদৰে কয় ড° দীনমণি ভাগৱতীয়ে ৷ ৰাজ্যিক কৃতি শিক্ষকৰ বটাঁ প্ৰাপক অৱসৰি শিক্ষক তথা সমাজ কৰ্মী ভগৱান চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা সভা খনত বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ নাউকন ডেকা, ৰাষ্ট্ৰপতিৰ বটা প্ৰাপক কৃতি শিক্ষয়িত্ৰী মীৰা ডেকা বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি গ্ৰন্হ সম্পৰ্কে আৰু বেংক বিষয়া সূশীলভূষণ শৰ্মাৰ অধ্যয়নশীলতা, অধ্যবসায়ৰ বিষয়ে সাৱলীল ভাষণ প্ৰদান কৰে ৷  শিক্ষক, যুৱ সমাজ কৰ্মী জয়ন্ত ডেকাই আত ধৰা সভা খনত পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতি বৰকটকী, সমাজ কৰ্মী পুলক কুমাৰ শৰ্মা, অধিবক্তা সোনাপতি শৰ্মা , সমাজ কৰ্মী বসন্ত ডেকাকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ আৰম্ভনিতে গ্ৰন্থকাৰৰ কন্যা স্বৰ্চিতা শৰ্মাই এটি ভজন আৰু সভাৰ মাজত সংগীতৰ শিক্ষক ৰাতুল শৰ্মাই গীত পৰিৱেশন কৰি উপস্হিত শতাধিক গ্ৰন্থপ্ৰেমী ৰাইজক আপ্লুত কৰে ৷ সভাত গ্ৰন্হকাৰ সুশীলভূষণ শৰ্মাই মনৰ ভাৱ ব্যক্ত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জয়ন্ত ডেকাই ৷

Leave A Reply