Breaking

গৰমৰ পৰা পৰিত্ৰান পাবলৈ গ্ৰহণ কৰক এই পনীয়…..

0 93

 গৰমৰ দিনকেইটাত আমি সাধাৰণতে ভাগৰুৱা অনুভৱ কৰাৰ লগতে আন সময়ৰ দৰে শৰীৰত সতেজতা নাথাকে। সেয়ে এই দিনকেইটাত শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আমি বতৰৰ বিভিন্ন ফল-মূল খোৱা উচিত।

তৰমুজ আৰু পদিনাৰ ৰস

তৰমুজ এবিধ অতি উপকাৰী ফল। ই আমাৰ দেহত গৰমকালি কমি যোৱা পানীৰ পৰিমাণ সন্তুলিত কৰি ৰখাত সহায় কৰে। তৰমুজত ৯১.৪৫ শতাংশ পানী থাকে, যাৰ ফলত ই আমাৰ শৰীৰটোক সতেজ কৰি ৰাখে।

গতিকে গৰমকালী তৰমুজৰ ৰস খোৱাৰ অভ্যাস কৰক। তৰমুজক ৰসৰ সৈতে পদিনা মিহলাই খাবলৈ যথেষ্ট সোৱাদ হয়।

লিচু লেমনাড

লিচুয়ে আমাৰ দেহৰ তেজ চলাচল ভাল কৰে। ইয়াৰ উপৰি ই আমাৰ চাল, চকু, হৃৎপিণ্ড তথা হাড় আদি ভালে ৰাখে। যদিহে আপুনি গোটাকৈ লিচু খাবলৈ আমনি পায় তেন্তে ইয়াৰ ৰস উলিয়াই খাব পাৰে।

১২ টাৰ পৰা ১৫ টা লিচু মিহি কৰি ৰস উলিয়াই তাত অলপ নেমুৰ ৰস আৰু কুঁহিয়াৰ ৰস মিহলাই খাবলৈ খুব ভাল হয়।

অমিতা আৰু মৌ ৰস

অমিতা এবিধ স্বাস্থ্যৰ বাবে খুব উপকাৰী ফল। ই আমাৰ দেহৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিট চি পোৱা যায়। ইয়াৰ উপৰি নিয়মীয়াকৈ অমিতা খালে আমাৰ মাংসপেশী মজবুত হয়। আপুনি অমিতা টুকুৰাত মৌ সানি বা অমিতাৰ ৰসত মৌ মিহলাই খাব পাৰে।

মাটিকঁঠালৰ ৰস

মাটিকঁঠাল এবিধ ৰোগ নিৰাময় কৰা ফল। বিভিন্ন ৰোগৰ পৰা উপশম সোনকালে পাবলৈ চিকিৎসকসকলে মাটিকঁঠালৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে। ই কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰাৰ লগতে ৰক্তচাপ, চৰ্দি কাহ আদি প্ৰতিৰোধ কৰে।

আমৰ ৰস

ফলৰ ৰজা আম আমি জ্যুচৰ পৰা আৰম্ভ কৰি চালাড, আচাৰ, চাটনি, আইচক্ৰীম আদি না না ধৰণেৰে আমি খাই ভাল পাঁও। পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক। উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়। 

Leave A Reply