Breaking

শ্বৰ্ট শ্বাৰ্কিট হৈ গোলাঘাটত দাউ দাউকৈ জ্বলিল টাটা মেজিক

0 2,054

গোলাঘাটৰ ৰাজপথত দাউ দাউকৈ জ্বলিল  AS05C-8072 নম্বৰৰ TATA Magic গাড়ী। গোলাঘাট নগৰৰ মইনাপাৰত সংঘটিত হৈছে এই ভয়াবহ দূৰ্ঘটনা। জানিব পৰা মতে , দিনটো গাড়ী ভাড়া মাৰি ঘৰলৈ বুলি গৈ থকা অৱস্থাত হঠাৎ গাড়ীখন মাজবাটতে দাউ দাউকৈ জ্বলি উঠে। গাড়ীখনৰ পৰাই চৰ্টচাৰ্কিট হৈ এই অগ্নিকাণ্ডৰ সৃষ্টি হয়। ঘটনাত গাড়ী খনৰ চালক জনো কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। নিজৰ বাহন খনত হঠাতে সংঘটিত হোৱা জুই নুমোৱাবলৈ  চেষ্টা কৰোতে চালকৰ মুখ মণ্ডলত কিছু পৰিমাণে জুয়ে পুৰে। সম্প্ৰতি চালক হামিদুল আলিক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

Leave A Reply