Breaking

লাহৰীঘাটৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে শিক্ষক দিৱস পালন

0 58

সমগ্র দেশে মঙলবাৰে ভাৰতৰ প্ৰয়াত উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দেৱৰ ১৩৫ তম জন্মদিনৰ লগতে ৬২ তম শিক্ষক দিৱস উলহ মালহেৰে পালন কৰে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট কণিষ্ঠ মহাবিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়।

পুৱা ১০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শলিতা জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত কেক কাটি সকলোৱে মিলি জুলি আনন্দ কৰে। মুকলি সভাত কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্র ছাত্রী সকলে অধ্যক্ষ আৰু বিষয় শিক্ষকসকলক জাপি,ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই শিক্ষা গুৰুসকলৰ পৰা আশীর্বাদ গ্রহণ কৰে।

মুকলি সভা সঞ্চালনা কৰে অধ্যক্ষ ফাইজুৰ ৰহমানে। আদৰণি পৰ্বৰ আঁত ধৰে বিষয় শিক্ষক আমৰুল হুছেইন আৰু কামাল উদ্দিন আহমেদে। ছাত্র-ছাত্রীসকলৰ হৈ উদ্দেশ্য বাখ্যা কৰে জাকাৰীয়া আলমে আৰু সম্বৰ্ধনা পৰ্বত সহযোগিতা কৰা ছাত্র ছাত্রীসকল ক্ৰমে মুবাশিৰ আহমেদ, নাজিৰুল ইছলাম, ৰেকিবুল ইছলাম, ৰবিউল হুছেইন, কাৰিমা খাতুন আৰু ৰুকচানা বেগমে।

আনহাতে লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলতো উলহ মালহেৰে পালন কৰিলে শিক্ষক দিৱসঃ

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱা ১০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শলিতা জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ পিছত কেক কাটি সকলোৱে মিলি-জুলি আনন্দ কৰে। মুকলি সভাত বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বিদ্যালয়ৰ ছাত্র ছাত্রীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক ফুলাম গামোচা, কলম আৰু অন্যান্য উপহাৰ প্ৰদান কৰি আশীর্বাদ গ্রহণ কৰে।

ইয়াৰ পিছত ছাত্র ছাত্রী সকলে গীত নৃত্য আদিৰ দ্বাৰা পৰিবেশ মুখৰিত কৰে। মুকলি সভা সঞ্চালনা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ ৰামকৃষ্ণ বাগলাৰীয়ে। আদৰণি পৰ্বৰ আঁত ধৰে অধ্যক্ষ চুলমান আলীয়ে।

দাতিয়ালবড়ি হাই স্কুলতো উলহ মালহেৰে পালন কৰিলে শিক্ষক দিৱসঃ ৫ গৰাকী চাকৰি সূত্রে বদলিকৰণ হোৱাত বিদায়ী সম্বৰ্ধনাঃ

মৰিগাঁও জিলাৰ দাতিয়ালবড়ি হাই স্কুলতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱা ৯ বজাত বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰে প্ৰধান শিক্ষক ফজল উদ্দিন ভাসানী আৰু শিক্ষক গোটে। মুকলি সভাত দাতিয়ালবড়ি হাই স্কুলৰ ছাত্র-ছাত্রীসকলে প্রধান শিক্ষক আৰু শিক্ষক গোটৰ সকলো শিক্ষকক ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই আশীর্বাদ গ্রহণ কৰে।

মুকলি সভা সঞ্চালনা কৰে প্রধান শিক্ষক ফজল উদ্দিন ভাসানীয়ে। উদ্দেশ্য বাখ্যা কৰে সহ শিক্ষক হান্নান ফাৰুকীয়ে। আদৰণি পৰ্বৰ আঁত ধৰে সহ শিক্ষক খাইৰুল ইছলামে। প্ৰথম পৰ্বৰ সম্বৰ্ধনা হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে নাটক, গীত,নৃত্য আৰু কবিতা আবৃত্তি কৰি দৰ্শকৰ মন জয় কৰে।

বিয়লি ২ বজাত পুনৰ বিদ্যালয়ৰ ৫ জন শিক্ষক ক্ৰমে মাফুজুৰ ৰহমান, আব্দুল হামিদ,মহিবুল্লাহ, বিক্ৰমজিৎ তামুলী আৰু মৌলবী চাহাব উদ্দিনে চাকৰি সূত্রে বদলি কৰণ হোৱাত তেওঁ লোক আটাই কেইজনকে ফুলাম গামোচা, শৰাই, জায়নামাজ, কলম আৰু টুপিৰে বিদায়ী সম্বৰ্ধণা জনায় বিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা। সম্বৰ্ধণা অনুষ্ঠানত সাংবাদিক খাইৰুল ইছলামকো ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধণা জনোৱা হয়।

-খাইৰুল ইছলাম,ভূৰাগাঁও মৰিগাঁও

Leave A Reply