Breaking

মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত “ৰাষ্ট্ৰীয় পুতলা নাচ সমাৰোহ”ত বিনীতা দেৱীৰ পৰিচালনাত “তেজীমলা” আৰু “ৰাৱণ বধ”

0 96

জনজাতীয় লোক কলা আৰু বোল বিকাশ অকাডেমী, মধ্যপ্ৰদেশ সাংস্কৃতিক পৰিষদৰ উদ্যোগত মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত ১৩ তাৰিখৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত “পুতলা নাচ সমাৰোহ” আয়োজন কৰিছে। অসমৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক প্ৰশিক্ষন কেন্দ্ৰ সুৰজিৎ একাডেমী মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত অনুষ্ঠিত “পুতলা নাচ সমাৰোহ”ত পুতলা নাট পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰিত হৈছে। ১৭ ছেপ্টেম্বৰত সন্ধিয়া মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়ত সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত ৰসৰজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা “তেজীমলা” ৰ নাট্যৰূপ “তেজীমলা” আৰু “ৰাৱণ বধ” দুখনি পুতলা নাট মঞ্চস্থ হ’ব।

নাট দুখনৰ পৰিচলনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ। নাট দুখন ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমত সুণাম কঢ়িয়াই আনিছে। পুতলা নাট দুখনত সূতা পুতলা, লাঠী পুতলা আৰু ছাঁ পুতলাৰ জৰিয়তে পৰিবেশন কৰিব। পুতলা নাট দুখনৰ সঙ্গীত পাপু গোঁহাইৰ। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিব ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, পলক কৈৰী, প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, অংকুৰ দাস, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মা।

Leave A Reply