Breaking

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা…

0 17

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ই ভি এম মেচিন বিকল হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় ভোটাৰ ৰাইজ। আনফালে একেখন ভোট কেন্দ্ৰত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ লাইনত শাৰী পাতি নিজ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয়।


বিধায়ক ৰামকৃষ্ণ ঘোষে নিজ ভোটাধিকাৰ সাব্যস্ত কৰি স্থানীয় সাংবাদিক সকলৰ সন্মুখত নিজ মন্তব্য দাঙি ধৰি কয় যে আবকিবাৰ ৪০০ পাৰ ভাৰতীয় জনতা পাৰ্টীৰ এই সপোন পূৰণ হ’ব । লগতে তেওঁ দৃঢ়তাৰে কয় যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ পৰা অন্তত পক্ষে ১ লাখ ৫০হাজাৰ ভোটত বিজয় লাভ কৰিব। লক্ষণীয় কথাটো হ’ল যে নিৰ্বাচনী আয়োগে যি সকলৰ নীতি নিয়ম বান্ধি দিছিল তাৰে সেই নীতি আদৰ্শ পালন কৰিবলৈ যেন ব্যৰ্থ হৈছে হোজাই জিলা প্ৰশাসন। হোজাই ৰাষ্ট্ৰভাষা ভোট কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাই সচেতন মহলৰ চৰ্চিত হৈ পৰিছে।

Leave A Reply