Breaking

শিমলুগুৰি জংচনৰ লেভেল কচিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন আহত ।

0 48

ফাৰহাদ আহমেদ লস্কৰ, গেলেকী

 লক ডাউনৰ কিছু শিথিলতাৰ সুযোগ লৈ উদণ্ড মটৰ চাইকেল আৰোহীৰ তাণ্ডৱ । বাট-পথ বিধ্বস্তৰ বিপৰীতে তীব্ৰবেগী বাহনৰ আতংক । নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি ৰে’ল জংচনৰ কাষতে থকা লেভেল কচিঙত ৪জুনৰ নিশা এখন নম্বৰ প্ৰে’ট বিহীন চুজুকী জি আই এক্স তীব্ৰবেগী মটৰ চাইকেল আৰু আনখন মালবাহী মহেণ্ড্ৰা এ এছ ০৪ বিচি ৫৩৬০ বাহনখনৰ সৈতে সংঘৰ্ষ হয় । য’ত দুয়োখন বাহনৰে যথেষ্ট ক্ষতি সাধন হোৱাৰ বিপৰীতে অজ্ঞাত মটৰ চাইকেল আৰোহীজন আঘাতপ্ৰাপ্ত হয় । যাৰ ফলত শিমলুগুৰি-সোণাৰি সংযোগী ধোদৰ আলি অৱৰোধ হৈ পৰে । কিছু সময়ৰ বাবে ৰাজপথত ব্যাপক যান জঁতৰ সৃষ্টি হোৱাৰ লগতে ঘটনা প্ৰতক্ষ্যদৰ্শী ৰাইজে আঘাতপ্ৰাপ্ত যুৱকজনক নিশা উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে । সামান্তৰাল ভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰি দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল সহ মালবাহী বাহনখন আৰক্ষীয়ে চমজি লয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply