Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০০ শতাংশ

0 102

সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ শিক্ষার্থী উত্তীর্ণ হাৰ ১০০ শতাংশ। বিদ্যালয়খনৰ দুগৰাকী কৃতী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।

আনতাৰা মুবাচ্‌ছিৰা হক খণ্ডকাৰে ষষ্ঠ স্থান আৰু আন এগৰাকী শিক্ষার্থী নীলাভ পাঠকে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৫ গৰাকীয়ে ডিষ্টিংচন, ৪১ গৰাকীয়ে ষ্টাৰ, ১২৫ গৰাকীয়ে প্রথম বিভাগ আৰু ১৫ গৰাকীয়ে দ্বিতীয় বিভাগতউত্তীর্ণ হয়।

ইংৰাজী বিষয়ত ১০৮ গৰাকী, অসমীয়া বিষয়ত ৪৫ গৰাকী, বিজ্ঞান বিষয়ত ৫৬ গৰাকী, সমাজবিজ্ঞানত ৯৭ গৰাকী আৰু গণিত বিষয়ত ৫৩ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে। ঐচ্ছিক বিষয়বোৰৰভিতৰত উচ্চ গণিত বিষয়ত ২৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানত ১৫ গৰাকী, ভূগোলত ৩ গৰাকী, সংগীতত ৬ গৰাকী, নৃত্যত ৪ গৰাকী, সুকুমাৰ কলা বিষয়ত ২১ গৰাকী, হিন্দী বিষয়ত ১১ গৰাকী আৰু ইতিহাস বিষয়ত ৬গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে।

গণিত বিষয়ত দুগৰাকী, উচ্চ গণিত বিষয়ত পাঁচগৰাকী, বিজ্ঞানবিষয়ত এগৰাকী আৰু সমাজ বিজ্ঞান বিষয়ত এগৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈসক্ষম হয়।

Leave A Reply