Breaking

শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুক সম্বৰ্ধনা জনাই হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা-ছাত্ৰ ছাত্ৰীয়ে

0 66

নলবাৰী জিলাৰ বৃহত্তৰ হাৰিভাঙ্গা গাঁৱৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ দিনা সম্বৰ্ধনা জনোৱাৰ দৰে এইবাৰো দুগৰাকী অৱসৰী শিক্ষকক তেওঁলোকৰ নিজ নিজ বাসভৱনত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

সেই বৰ্ষৰ শিক্ষাৰ্থী ভাৰতীয় সেনাবাহিনীৰ অৱসৰী হাবালদাৰ কুলেন কলিতাক এখনি ফুলাম গামোচাৰে আদৰণি জনাই আৰম্ভ কৰা অনুষ্ঠানটো শিক্ষক ধীৰাজ গোস্বামী আঁত ধৰে।

এখনি ফুলাম গামোচা ,এখন ধৰ্মগ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক ক্ৰমে শ্ৰীযুত সত্যনাথ কলিতা আৰু শ্ৰীযুত নিতাই কলিতাক।

১৯৫৮ খ্ৰীষ্টাব্দতে স্থাপিত বিদ্যালয়খনৰ পৰা শিক্ষাগ্ৰহণ কৰা বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ফোনযোগেও শিক্ষকসকলক শ্ৰদ্ধা আৰু প্ৰনাম জনায় । অনুষ্ঠানটোত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লগতে অনুপস্হিত অংশগ্ৰহণকাৰীসকলক শিক্ষাগুৰুসকলে হৃদয় উজাৰি আশীৰ্বাদ দিয়াৰ লগতে একোজন ভাল নাগৰিক হোৱাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনায়।

বহু অতীত স্মৃতি ৰোমন্থন কৰা উক্ত অনুষ্ঠানসমূহে গুৰু শিষ্যৰ মধুৰ সম্পৰ্কৰ ইংগিত বহন কৰে বুলি মন্তব্য কৰে সম্বৰ্ধনা গ্ৰহণ কৰা সত্যনাথ কলিতাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে পশ্চিম নাম্বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি উদীয়মান যুবক গোবিন্দ কলিতা,১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ বৰ্তমান ৰেল বিভাগৰ কৰ্মচাৰী যোগেশ কলিতা,ভাৰতীয় সেনাবাহিনীৰ অৱসৰী হাবালদাৰ কুলেন কলিতা ,বিপুল হালৈ,ৰীতা কলিতা,দীপিকা বৰ্মনে।

Leave A Reply