Breaking

বোকাখাতৰ ১ নং চিনাকানা গাঁৱত পাচলিৰ খেতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

0 63

বৃহস্পতিবাৰে বোকাখাতৰ ১ নং চিনাকানা গাঁৱত অঞ্চলটোৰ ১০৫গৰাকী কৃষকে ২,৫০০ বিঘা ভূমিত কৰা সৰিয়হ, ৫০০ বিঘা ভূমিত কৰা আলু আৰু ২৫০০ বিঘা ভূমিত কৰা ৰঙালাউৰ লগতে কবি, বেঙেনা আদি পাচলিৰ খেতি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই।

পৰিদৰ্শন কালৰ ফটো সামাজিক মাধ্যমত প’ষ্ট কৰি মন্ত্ৰী অতুল বৰাই লিখে, ‘আত্মনিৰ্ভৰ অসম গঢ়াৰ এই সেনানীসকলৰ সবল প্ৰয়াস দেখি মনটো অত্যন্ত ভাল লাগিল। তেওঁলোকক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। পৰিদৰ্শনৰ সময়ত আমাৰ সৈতে উপস্থিত থকা বোকাখাত মহকুমা কৃষি বিভাগৰ বিষয়াক কৃষকসকলক প্ৰয়োজনীয় সহায়-সহযোগিতা সময়মতে আগবঢ়াবলৈ নিৰ্দেশনা দিওঁ, যাতে শস্য উৎপাদন প্ৰক্ৰিয়াৰ সময়খিনিত কৃষকসকলে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়’।

মন্ত্ৰী বৰাই লগতে উল্লেখ কৰে- ‘উক্ত গাঁওখনৰে এগৰাকী প্ৰগতিশীল কৃষক শ্ৰী পাপুমণি হাজৰিকাই “এপিজ মেলিফেৰা” আৰু “এপিজ ছেৰেনা ইণ্ডিকা” শীৰ্ষক দুটা প্ৰজাতিৰ মৌ-পালনেৰে স্বাৱলম্বিতাৰ দিশত গ্ৰহণ কৰা প্ৰয়াস দেখি আপ্লুত হ’লোঁ। বছৰি তেওঁ ৫-৬ কুইণ্টল মৌ উৎপাদন কৰাৰ বিষয়ে জানি আপ্লুত হৈছোঁ। তেওঁকো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সা-সুবিধা আগবঢ়োৱাৰো তেওঁক আশ্বাস দিওঁ’।

Leave A Reply