Breaking

দেৰগাঁৱৰ শংকৰদেৱ হাইস্কুলৰ ২০০৬ বৰ্ষৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা “গুৰু সেৱা আৰু সতীৰ্থ মিলন” অনুষ্ঠান

0 84

শনিবাৰে দেৰগাঁৱৰ অন্যতম এক গ্ৰাম্য অঞ্চলৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় দাধৰা শংকৰ দেৱ হাইস্কুলত বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত “গুৰু সেৱা আৰু সতীৰ্থ মিলন” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

বিদ্যালয় খনৰ প্ৰাক্তন আৰু বৰ্তমান কৰ্মৰত মুঠ ৩১ জন শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ মৌচুম দাসে আঁতধৰা অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক অতুল বৰবৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত ভালে সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

তেঁওলোকে ২০০৬ বৰ্ষৰ ছাত্ৰ- ছাত্ৰী সকলৰ সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰা দেখা গ’ল।

Leave A Reply