Breaking

কামৰূপ জিলাৰ মামণি কলিতালৈ ‘২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা’

0 82

৫ ছেপ্তেম্বৰ ” শিক্ষক দিৱস” উপলক্ষ্যে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি কলিতালৈ “২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা ” প্ৰদান কৰা হয়।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠানটি ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা হয়। কলিতাক বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লগতে অৱসৰ প্ৰাপ্ত আৰক্ষী অধীক্ষক ড°কুলধৰ শইকীয়া দেৱে।

সভাত উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া দেৱ , কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু বহু গণ্য মান্য ব্যক্তি। উল্লেখযোগ্য যে মামণি কলিতাই যোৱা বিগত ২০১২ বৰ্ষৰ পৰা শিক্ষকতা বৃত্তিত জড়িত হৈ আছে।

তেওঁ আমৰাঙ্গা নিবাসী শিক্ষক শ্ৰী ভাস্কৰ জ্যোতি দাসৰ সহধৰ্মিনী। তেওঁৰ এই সফলতাই বিদ্যালয় তথা অঞ্চলবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে।

Leave A Reply