Breaking

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস পালনঃ ২৫ জন কৃতী শিক্ষক-শিক্ষয়িত্ৰীক বঁটা প্ৰদান

0 86

মঙলবাৰে সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত আৱেলি ২ বজাত শিক্ষক দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত শিক্ষক দিৱস পালন কৰা হয়।

শিক্ষক দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জিলা আয়ুক্ত বিদুৎ বিকাশ ভাগবতীৰ লগতে জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া, অৱসৰ প্ৰাপ্ত ডি আই বক্তজামান সেখ, খাৰুৱাবানদা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মোৱাৰক হোছেইন, সাহিনুৰ প্ৰধানী, মানকাচৰ শিক্ষা খণ্ড বিষয়া ড০ আনিছুৰ ৰহমানৰ লগতে অনুষ্ঠানত চাৰিশতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল।

জিলা আয়ুক্ত মহোদয়ে শিক্ষক দিৱসৰ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰি শেষত জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু বিভিন্ন স্কুলৰ পৰা মুঠ ২৫ জন শিক্ষক-শিক্ষয়িত্ৰীক কৃতী বঁটা প্ৰদান কৰে।

বঁটা লাভ কৰা শিক্ষকসকল হ’ল ড০ সন্তোষ কুমাৰ সিংহ, ভাৰপ্ৰাপ্ত অধ্যক্ষ মানকাচৰ মহাবিদ্যায়, আব্দুছ ছবুৰ সেখ, ড০ সাহেৰ আলী, সহকাৰী অধ্যাপক হাটশিঙিমাৰী মহাবিদ্যালয, ছিৰাজুল হক কুকুৰ মাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছাইদুল ইছলাম খন্দকাৰ, নুৰ আলম, আব্দুল মাবুদ, আব্দুল খালেক মণ্ডল, ৰহিজল হক মিয়া, খোৰসেদ আলম, আপচাৰ আলী সেখ, ছাহেবা বেগম সহকাৰী শিক্ষয়িত্ৰী এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় সুখচৰ, আবুল কালাম আজাদ মণ্ড, আবুল কালাম শিকদাৰ, আব্দুল বাছিদ, আব্দুল মান্নান, সুব্ৰত কুমাৰ পাল, দিলৱাৰ হোছেইন সেখ, কছম আলী, ৰফিকুল ইছলাম, আবুল কাশেম সেখ, সাহানুৰ ইছলাম মোল্লা, আব্দুৰ ৰহমান মিয়া, নুৰুল আজিজ আহমেদ আৰু শিক্ষক ছকিবৰ ৰহমান।

Leave A Reply