Breaking

গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় ইণ্ডিয়া কে ডব্লিউ এফ অপেন ফুল কন্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ….

0 130

গুৱাহাটীত অহা ১৪ -১৫ মে’ত অনুষ্ঠিত হ’ব তৃতীয় ইণ্ডিয়া কে ডব্লিউ এফ অপেন ফুল কন্টেক্ট  চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতা আয়োজন কৰিছে ইণ্ডিয়া কে ডব্লিউ এফ আৰু কায়কুচিন কাই কান কাৰাটে অৰ্গেনাইজেচন, অসমে । প্ৰতিযোগিতাখনৰ স্থান হ’ল কটন বিশ্ববিদ্যালয়ৰ ডাঃ টি আও ইনড’ৰ ষ্টেডিয়াম । এই কথা জনাইছে কে ডব্লিউ এফৰ সভাপতি ছিহান এণ্টনীঅ’ পিনেৰো আৰু ইণ্ডিয়া কে ডব্লিউ এফৰ সাধাৰণ সম্পাদক ছেনছেই ভাগ্যেশ্বৰ কুলীয়ে ।

ইতিমধ্যে এই ইণ্ডিয়া অপেন ফুল কন্টেক্ট কাৰাটে টুৰ্ণামেণ্টখনৰ বাবে পশ্চিমবংগ , দিল্লী , ত্ৰিপুৰা , মেঘালয় , কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ দলে যোগদান নিশ্চিত কৰিছে । দেশৰ বাকী ৰাজ্যৰ দলবোৰৰ যোগদানৰ নিশ্চিতি এতিয়াও সম্পূৰ্ণ হোৱা নাই । প্ৰতিবছৰৰ দৰে এইবাৰো নেপালৰ এটা দল অহাৰ কথা আছিল যদিও অহা ১৪ মে ত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে দলটোৱে যোগদান বাতিল কৰিছে ।

আয়োজকৰ হৈ ভাগ্যেশ্বৰ কুলীয়ে জনোৱা মতে যোৱা ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত ৰাজ্যিক ভিত্তিত ফুল কন্টেক্ট কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । লক্ষ্যণীয় যে ফুল কন্টেক্ট কাৰাটেৰ অনুশীলন নকৰা কাৰাটেকাই এই প্ৰতিযোগিতাত অসুবিধাৰ সন্মুখীন হ’ব কাৰণ অধিকাংশ কাৰাটে সংগঠনে ছেমি কন্টেক্ট কাৰাটেৰ অনুশীলন কৰে

Leave A Reply