Breaking

আমছু কৰ্মীয়ে মায়ঙৰ বুৰাবুৰীত ড্ৰাগছৰ ১১কনটেইনাৰ সহ ধৰিলে দুই যুৱকক

0 55

মায়ঙৰ বুৰাবুৰী বজাৰত ১১ টা কনটেইনাৰ সহ দুই যুৱকক বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীয়ে ৰাইজৰ সহযোগত ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কাৰী দুই যুৱক ক্ৰমে, চাইদুল ইছলাম আৰু ৱাছিম আক্ৰাম। দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মায়ঙৰ কুকুৱাৰী গাঁৱত।

বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীসকলৰ তৎপৰতাত এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধৰিবলৈ সক্ষম হয়। ১১ টা ড্ৰাগছৰ কনটেইনাৰসহ এখন বাইকো জব্দ কৰে। ইয়াৰ পিছতে আমছুৱে ঘটনা সন্দৰ্ভত মায়ং আৰক্ষীক খবৰ দিয়ে আৰু যুৱক দুজনক ড্ৰাগছখিনিৰ সৈতে আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে আটকাধীন চাইদুল ইছলাম আৰু ৱাছিম আক্ৰামে দীৰ্ঘদিন ধৰি আৰক্ষীকৰ চকুত ধূলি দি মায়ঙৰ বিভিন্ন অঞ্চলত ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।

আমছু কৰ্মী আৰু ৰাইজে উক্ত ড্ৰাগছ সৰবৰাহকাৰীক উপযুক্ত শাস্তি দিয়াৰ লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে প্ৰশাসনক আহ্বান জনাই।

Leave A Reply