Breaking

নলবাৰী মহাবিদ্যালয়ত ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ বাৰ্ষিক অধিৱেশন

0 89

নলবাৰী কলেজ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতীয় কলা ইতিহাস কংগ্ৰেছৰ ৩০ সংখ্যক অধিৱেশনৰ সোমবাৰে সামৰণি পৰে।ভাৰতীয় কলা ইিতহাস কংগ্ৰেছ ( INDIAN ART HISTORY CONGRESS) হৈছে ১৯৯২ চনত প্ৰতিষ্ঠিত এক সৰ্বভাৰতীয় অনন্য শৈক্ষিক সংস্থা।

ইয়াৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীত অৱস্থিত।বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক মাৰুতি নন্দন প্ৰসাদ তিৱাৰী হৈছে বৰ্তমান সংস্থাৰ সভাপিত আৰু সাধাৰন সম্পাদকৰ দায়িত্বত আছে কৰ্ণাটকৰ অৱসৰী  অধ্যাপক দি. এছ. সোমশেখৰ।

IAHC ৰ বাৰ্ষিকক অধিৱেশনসমূহ ভাৰতৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানত তিনিদনীয়াৈক অনুষ্ঠিত কৰা হয় আৰু তাৰ পৰিপ্ৰেক্ষিতত এইবেলি সংস্থাৰ ৩০ তম অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে নলবাৰী কলেজ প্ৰাংগণত অনুষ্ঠিত কৰা হয়।

তিনিদিনীয়া কাৰ্য্যসূচীৰ প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ শক্তি, খনিজ তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সন্মানীয় মন্ত্ৰী নন্দিতা গার্লোছা আৰু বিশিষ্ট অতিথি হিচাবে আপোনাৰ উপস্থিত থাকে অসম চৰকাৰৰ ‘প্ৰণাম আয়োগ’ৰ মুখ্য আয়ুক্ত ভি. বি. প্যাৰেলাল।এই তিনিদিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত ভাৰতীয় কলা ইতিহাস সম্বন্ধিত বিভিন্ন তত্ব গধুৰ বিষয়বস্তুৰ ওপৰত তথ্য সম্বলিত আলোচনা চক্ৰ অনুষ্ঠিত হয়।

এই সংস্থাই বাৰ্ষিক এখনি ‘ক’লা’ নামৰ গৱেষণামূলক পত্ৰিকা প্ৰকাশ কৰি আহিছে। এইবাৰ অধিৱেশনৰ মূল বিষয়বস্তু আছিল ‘ভাৰতীয় ক’লাত পৰিৱেশৰ চিত্ৰন’। ভাৰতীয় কলা ইতিহাসৰ এই ৩০তম অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰ সভাপতিত্ব কৰে ভাৰতীয় পুৰাতন বিভাগৰ নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ড° ৰাকেশ তিৱাৰীয়ে।তিনিদিনীয়া কাৰ্যসূচীৰ আজিৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন ।

উল্লেখ্য যে এই সংস্থাৰ এগৰাকী মুখ্য প্ৰতিষ্ঠাপক প্ৰয়াত ড° ৰবীন দেৱ চৌধুৰী  নলবাৰী কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আছিল।
-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply