Breaking

জামুগুৰিহাটৰ ৰঙাচকুৱাত ন্যাসৰ হৈ কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ

0 109

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলত ৰঙাচকুৱাত আজি স্বাধীনতা সংগ্ৰামী, শিক্ষানুৰাগী, সমাজ সংগঠক প্ৰয়াত সোনাৰাম দাসৰ পবিত্ৰ স্মৃতিত বিগত ১৯৯৯ চনত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ‘সোণাৰাম দাস সোঁৱৰণি ন্যাস’ স্থাপন কৰা হয়।

প্ৰয়াত সোণাৰাম দাসৰ সু-পুত্ৰ তথা পৰিবহণ বিভাগৰ অৱসৰী বিষয়া দ্বিজেন দাসে ন্যাসৰ পুঁজি আগবঢ়োৱাৰ লগতে ন্যাসৰ লগত জড়িত হৈ সোঁৱৰণি ন্যাসৰ পৰা কৃতি শিৰ্ক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান কাৰ্যসুচীত অংশ গ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- “১৯৯৯ চনৰ পৰাই সোনাৰাম দাসৰ সোৱঁৰণত পৰিয়াল বৰ্গই অঞ্চলটোৰ কৃতি শিক্ষাৰ্থী সকলক বঁটা প্ৰদান কৰি আহিছে। সোনাৰাম দাস সোৱঁৰণি ন্যাসে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেইয়া সমাজৰ কাৰণে আদৰণীয় কথা। এনে মহান চিন্তা সমাজত কমসংখ্যক মানুহৰ থাকে। ছাত্ৰ-ছাত্ৰী সকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে সোণাৰাম দাসৰ পৰিয়াল বৰ্গই লোৱা ভূমিকাক আমি সকলোৱে শলাগ লোৱা উচিত”।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গণেশ পাঠকে সভাপতিৰ আসন অলংকৃত কৰা এই বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে সোণাৰাম দাসৰ সুযোগ্য সন্তান অৱসৰী পৰিবহণ বিষয়া দ্বিজেন দাস, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ প্ৰমুক্ষে কৰি বহুকেইখন বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে বিভিন্নজনে৷

Leave A Reply