Breaking

মৰিগাঁঁৱৰ ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব অসমৰ সৰ্ববৃহৎ দ্বিতীয়খন দীঘল দলং

0 537

ব্ৰহ্মপুত্ৰ অসম আৰু অসমীয়াৰ এক এৰাব নোৱাৰা সম্পৰ্কৰে সংপৃক্ত হৈ আছে। ব্ৰহ্মপুত্ৰ হৈছে অসমীয়াৰ এক জীৱন ৰেখা। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ গঢ় লৈ উঠিছে ব্ৰহ্মপুত্ৰক লৈয়ে। ব্ৰহ্মপুত্ৰক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ী ভাবে বসবাস কৰিবলৈ লৈ একতা আৰু সমন্বয়ৰে অসমীয়া জাতিক গতি প্ৰদান কৰিলে।

জনবিস্ফোৰণ আৰু আধুনিক যাতায়ত ব্যৱস্থাৰ ক্ৰম বিৱৰ্তনৰ ফলত ব্ৰহ্মপুত্ৰৰ নদী ওপৰত ইখন পিছত সিখন দলং নিৰ্মাণ হবলৈ ধৰিছে। বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ নদী ওপৰত নিৰ্মাণ হৈছে সাত খনকৈ বৃহৎ দলং। ইয়াৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়তৰ যোগাযোগ ব্যৱস্থাটোক একেবাৰে সংকুচিত কৰি তুলিছে।ক্ৰমাগত যাতায়ত যোগাযোগ উন্নয়নৰ মাজতে পুনৰ ব্ৰহ্মপুত্ৰৰ নদী ওপৰত ৮ নং দলং নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে বৰ্তমানৰ শাসকীয় চৰকাৰখনে।

বিশেষকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত মৰিগাঁও জিলাৰ প্ৰস্তাৱিত ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ দ্বিতীয়খন সৰ্ববৃহৎ দৈৰ্ঘ্যৰ দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। এই সৰ্ববৃহৎ দীঘল দলং খনৰ নিৰ্মাণৰ পূৰ্বে প্ৰাস্তাৱিত ৰাষ্ট্ৰীয় ঘাই পথ আৰু দলংৰ জৰীপৰ কাম আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগে।

এই খবৰ প্ৰচাৰিত হোৱা পিছতেই উৎফুল্লিত হৈ পৰিছে মৰিগাঁৱৰ জনসাধাৰণ। উল্লেখ্য যে ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলং খনৰ দৈৰ্ঘ্য হ’ব ৭.৬৩ কিলোমিটাৰ। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা সৰ্ববৃহৎ দৈৰ্ঘ্যৰ ধলা-শদিয়া দলংৰ দৈৰ্ঘ্য হৈছে ৯.১৫ কিলোমিটাৰ। ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটিয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ স্থাপন হ’ব।

তেজপুৰৰ কলিয়াভোমোৰা দলংৰ বিকল্প হিচাপে কাম কৰিব লগা প্ৰস্তাৱিত দলং খনে গুৱাহাটী আৰু তেজপুৰৰ মাজৰ ১৮০ কিলোমিটাৰ দূৰত্বক ই প্ৰায় আধালৈ কমাই আনিব। আনহাতে ইয়াৰ জৰিয়তে টাৱাং আৰু পূৱ -পশ্চিম অৰুণাচল প্ৰদেশৰ ঔদ্যোগিক কৰিডৰৰ পূৱ প্ৰান্তক সংযোগ কৰাৰ লগতে উজনি অসমৰ ঘাইপথ সমূহকো সংযোগ স্থাপন কৰিব।

ইফালে বুৰঞ্জীৰ মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভূটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত,চীন আৰু আফগানিস্তানলৈ চমু বাট আছিল বুলি উল্লেখ আছে। এনে প্ৰেক্ষাপটত ভূটানৰ লগতে অৰুণাচল প্ৰদেশত পৰ্যটন আৰু বানিজ্যত উত্থান ঘটাৰ সম্ভাৱনা আছে। প্ৰস্তাৱিত এই ৰাষ্ট্ৰীয় ঘাই পথটোৰ জৰিয়তে দেশৰ বাবে চীনৰ পৰা সীমান্ত সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ পথো হৈ উঠা সম্ভাৱনা আছে।

তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ জাগীৰোডৰ পৰা ভূৰাগাঁও হৈ ওৰাংলৈ নতুন ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৪ চনত গেজেটেড অধিসূচনাৰ জৰিয়তে আগবাঢ়িছিল যদিও ই স্থবিৰ হৈ আছিল। বৰ্তমানৰ শাসকীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি কাৰ্যকৰী দিশে অগ্ৰসৰ হৈ পথটোৰ জৰীপৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই মৰিগাঁও আৰু দৰং জিলাৰ প্ৰশাসনৰ লগত কেইবালানি আলোচনাত মিলিত হৈছে। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিষয়াই জিলা দুখনৰ ৰাজহ, কৃষি বিভাগ, সামাজিক বনানীকৰণ বিভাগৰ সহায় বিচাৰি পৃথকে পৃথকে কেইবাখনো পত্ৰ প্ৰেৰণ কৰাৰ লগতে দুয়োখন জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে।

এই সকলোবোৰ প্ৰস্তুতি সম্পূর্ণ কৰি ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগে পথ আৰু দলংৰ জৰীপৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ কৰা বিষয়ে জনা গৈছে। সকলোবিলাক ঠিকেই থাকিলে ২০২৬ ৰ পূৰ্বে ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে শাসকীয় চৰকাৰে।

-মিলন কাকতি,মৰিগাঁও

Leave A Reply