Breaking

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই যুৱকৰ নীল বিপ্লৱৰ অভিনৱ পদক্ষেপ ।

0 594

কলিয়াবৰ : 

কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আৰু আনকো সংস্থাপিত কৰাৰ। সেই সপোন পূৰণ হোৱাৰ পথত আৰু এখোজ কলিয়াবৰৰ দুইশিক্ষিত যুৱক শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ‍্যায়ৰ। অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱৰ পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন আঁচনিৰ মাধ‍্যমত প্ৰত‍্যক্ষ আৰ্থিক সাহায‍্য প্ৰদান কৰিছে দুই যুৱকক। এতিয়া পূৰ্বৰ দুটা পুখুৰীৰ সংখ‍্যা বঢ়াই আন ছটা পুখুৰী নিৰ্মাণৰ লগতে বৰ্দ্ধিত আৰু উন্নত পানী নিষ্কাষণ আৰু পৰিশোধন ব‍্যৱস্থাৰ সংযোগ ঘটাই পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস‍্য পালনৰ নতুন উদ‍্যোগ লৈছে দুই যুৱকে। এই উদ‍্যোগক পূৰ্ণ সহযোগিতা আগবঢ়াইছে অসম চৰকাৰৰ মীন বিভাগে। ইতিমধ‍্যে পঞ্চাশ লাখ টকাৰ এক আৰ্থিক সাহায‍্য আগবঢ়াইছে, য’ত ৰাজসাহায‍্য লাভ কৰিব বিশ লাখ টকা। ২৫ ফুট ব‍্যাস বহল আৰু ৫ ফুট গভীৰতাৰে নিৰ্মিত কংক্ৰিটৰ টেংকী সদৃশ দুটা কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি থলুৱা মাছ উৎপাদনৰ কামত ব্ৰতী হৈছিল দুই মীন পালক। শৈলেন্দ্ৰ গোস্বামীৰ নিজা ভূমিতে স্থাপন কৰা হৈছিল এই কৃত্ৰিম পুখুৰী। কৃত্ৰিম পুখুৰীত পাম্পৰ দ্বাৰা যোগান ধৰা পানী। প্ৰতিদিনে সলনি কৰা হয় টেংকীৰ পানী। এটা পথৰে নতুন পানী টেংকীলৈ প্ৰেৰণ কৰাৰ সমান্তৰাল আন এটা পথৰে বাহিৰ কৰা হয় টেংকীৰ পুৰণি পানী। টেংকীৰ পৰা বাহিৰ হৈ যোৱা পানী পৰেগৈ চাৰি তৰপীয়া আন এটা পানী পৰিস্কাৰ কৰা ফিল্টাৰত। মাছৰ বাবে অপকাৰী নাইট্ৰ’জেনৰ পৰিমাণ হ্ৰাস কৰিবলৈ টেংকীৰ সমীপতে স্থাপন কৰা এই চাৰি তৰপীয়া ফিল্টাৰ পৰা পাম্পৰে অক্সিজেনযুক্ত পানী প্ৰেৰণ কৰা হয় টেংকীলৈ। লগতে ফিল্টাৰৰ পৰা টেংকীলৈ প্ৰেৰণ কৰা পানীত মজুত থাকে বীজাণু নাশকাৰী বেক্টেৰীয়া। আনহাতে টেংকীৰ পানীৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে টেংকীৰ ওপৰত দিয়া হয় চালি। একুৰিয়ামত সৌন্দৰ্য্যবৰ্দ্ধক মাছ জীয়াই ৰাখিবলৈ যি বৈজ্ঞানিক পদ্ধতি আছে, সেই ধৰণৰ পদ্ধতিয়েই ব্যৱহাৰ কৰা হৈছে এই থলুৱা মাছ উৎপাদনৰ বাবে স্থাপন কৰা এই কৃত্ৰিম পুখুৰীত। মুঠ আঠটা পুখুৰীত এটা কৃষি ঋতুত চল্লিশ কুইণ্টেল মাছ উৎপাদনৰ লক্ষ‍্যৰে নৱ-নিৰ্মিত প্ৰকল্পটোৱে স্থানীয় তথা উত্তৰ-পূৱৰ মৎস‍্য চাহিদা পূৰণত অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মৎস‍্য পালকদ্বয়ে। বুধবাৰে নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্পটো শুভ উদ্বোধন কৰিব অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকিব ৰাজ‍্য চৰকাৰৰ মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্য আৰু জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত লগতে মীন বিভাগৰ বিষয়া-বৰ্গ।

Leave A Reply