Breaking

বিদ্যুত নাটনিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ । মাচুল হ্ৰাস কৰিবলৈ “এডজাষ্ট ” কৰাৰ আহ্বান…

0 56

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। পাৰাস্তম্ভই ৩৯ ডিগ্ৰী চেলচিয়াচ স্পৰ্শ কৰিছে। এনে পৰিস্থিতিত শক্তি বিভাগে বিদ্যুতৰ ঘাটি পূৰণ কৰিবলৈ আৰম্ভ কৰিছে লোডশ্বেডিঙৰ। লোডশ্বেডিঙৰ পৰা হাত সাৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে “এডজাষ্ট ” হৈ চলাৰ পৰামৰ্শ দিছে। তেওঁ উল্লেখ কৰি কয় যে বৰ্তমান অসমত দৈনিক ২৫০০ মেগাৱত বিদ্যুতৰ প্ৰয়োজন যদিও বিদ্যুতৰ নাটনি চলি থকাত ঘাটি পূৰণ কৰিবলৈ লোডশ্বেডিঙৰ ব্যৱস্হা লব লগা হৈছে। ডঃ শৰ্মাই পূৰ্বতে দুটা এচি চলোৱা সকলে এটা চলোৱাৰ লগতে প্ৰয়োজন নহলে লাইট নজ্বলাবলৈ পৰামৰ্শ দিয়ে। তেওঁ ১০ টকা ব্যয় কৰি বিদ্যুত ক্ৰয় কৰিলে অহা বছৰত প্ৰতি ইউনিটত ১ টকা ৫০ পইছা বৃদ্ধি হব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ডঃ শৰ্মাই নেচনেল গ্ৰীডত বিদ্যুতৰ নাটনি চলি থকা বুলিও সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে। অবশ্যে ডিচেম্বৰ মাহৰ পৰা এন এইচ পি চিৰ লগতে বিভিন্ন উৎসৰ পৰা ৰাজ্যখনে ১০০০ মেগাৱাট বিদ্যুত পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। উল্লেখ্য যে বৰ্তমান ৰাজ্যখনত বিদ্যুতৰ চাহিদা দৈনিক ২৫০০ মেগাৱাট। কিন্তু শক্তি বিভাগৰ নিজস্ব উৎপাদন মাত্ৰ ৩০০ মেগাৱাট। বিভিন্ন উৎসৰ পৰা শক্তি বিভাগে সংগ্ৰহ কৰে ১৫০০ মেগাৱাট। তথাপি ৭০০ মেগাৱাট বিদ্যুত ঘাটিৰে চলি আছে বিভাগটো। শক্তি বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ামতে ১০ টকাকৈ বিদ্যুত ক্ৰয় কৰিবলৈ অসমৰ্থ বিভাগ। উপায়হীন হৈ লোডশ্বেডিঙৰ ওপৰত ভৰষা কৰি ঘাটি পূৰণ কৰিছে শক্তি বিভাগে।

Leave A Reply