Breaking

আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ত্ৰুটিমুক্ত হোৱাত উপায়ুক্তৰ গুৰুত্ব

0 50

কামৰূপ জিলাত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পৰিচালনা বিষয়ক এখনি পৰ্যালোচনা সভা আজি আমিনগাওঁস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপৰ শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আয়োজিত উক্ত সভাত কামৰূপৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যবেক্ষণ সমিতিৰ সদস্য, জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহৰ তত্বাৱধায়ক সকল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ তত্বাৱধায়কসকল উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত ল’ব লগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিতংকৈ উল্লেখ কৰে। তেওঁ পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বিসংগতি নহয় সেই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যাতে সূকলমে সম্পন্ন হয় তাক নিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনায়।

সকলো স্তৰতে পৰীক্ষা যাতে নিকা হয় তথা পৰীক্ষাৰ নিৰ্দেশাৱলী যাতে সঠিক ভাৱে ৰূপায়ণ কৰা হয় সেইটো নিশ্চিত কৰিবলৈও তেওঁ সকলোকে অনুৰোধ জনায়। কামৰূপ জিলাৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰই বক্তব্য দাঙি ধৰি পৰিচালনাৰ ক্ষেত্ৰত সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

সভাত ছেবাৰ আঞ্চলিক সচিব ছুইটী বেজবৰুৱাই ভাষণ দি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দিশসমূহ সকলোকে অৱগত কৰে। অনুষ্ঠানত ভাগ লৈ কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদে কয় যে পৰীক্ষা কেন্দ্ৰ সমূহৰ নিৰাপত্তাৰ ক্ষেত্ৰত পুলিচ বিভাগে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব। সভাত কামৰূপ জিলাৰ পৰীক্ষা পৰ্যবেক্ষক সমিতিৰ সদস্য দ্বয় ক্ৰমে ড০ বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু পৰেশ বৈশ্যই বক্তব্য দাঙি ধৰি পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত কেন্দ্ৰ তত্বাৱধায়কসকলে কোনবোৰ কথা সূক্ষ্ম ভাৱে নিৰীক্ষণ কৰিব লাগে সেই বিষয়ে সদৰি কৰে।

উক্ত সভাত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নতুন পদ্ধতিৰ বিষয়ে ভিডিঅ’যোগে আগবঢ়োৱা ভাষণ শুনোৱা হয়। সভাত শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মা, কামৰূপ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিকুদ্দিন আহমেদৰ লগতে সংশ্লিষ্ট বিষয়ৱবীয়া সকলে অংশ গ্ৰহণ কৰে।

Leave A Reply