Breaking

অসমৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক আৰু নিয়ন্ত্ৰনাধীন, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অশ্বিনী চৌবেৰ ঘোষণা

0 20

অসমৰ ক’ভিড পৰিস্থিতি সম্পূৰ্ণ স্বাভাবিক আৰু  নিয়ন্ত্ৰনাধীন। ক’ভিডক লৈ কোনোৱে শংকিত আৰু আতংকিত হোৱাৰ কাৰণ নাই। আমি অসমক এখন কভিডমুক্ত ৰাজ্যলৈ উন্নীতকৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। এই মন্তব্য ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবেৰ।

২৮ ফেব্ৰুৱাৰীত মহানগৰীৰ গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেই। মন্ত্ৰী চৌবেই কয় অসমত এতিয়ালৈকে কভিডত ২.১৬ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছিল। কিন্তু ইয়াৰে ২.১৪ লাখতকৈ অধিক লোক সুস্থ হৈ উঠিছে। সুস্থ হোৱা লোকৰ সংখ্যা ৯৮ শতাংশতকৈ অধিক। অসমৰ কভিড কেন্দ্ৰীক পৰিস্থিতি ভাৰতৰ আন ৰাজ্যতকৈ বহু উন্নত।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। তেনেদৰে দেশক কভিডৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে টীকাকৰণ কৰাৰ দ্বিতীয় পৰ্যায় পহিলা মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই পৰ্যায়ত ৬০ ৰ ঊৰ্ধৰ প্ৰায় ১০ কৌটি লোকক সামৰি লোৱা হ’ব।

তাৰ পাছত তৃতীয় পৰ্যায়ত ৪৫ বছৰ ঊৰ্ধৰ লোকক সামৰি লোৱা হ’ব। ইয়াৰ পূৰ্বে ২৬ জানুৱাৰীত  সামৰণি পৰা প্ৰথম পৰ্যায়ৰ টীকাকৰণ পৰ্বত দেশত ১.৪৫ কৌটি স্বাস্থ্যকর্মী আৰু কভিডৰ বিৰুদ্ধে যুঁজ দি অহা লোকক সামৰি লোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনৰ বাবে ভাৰতে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ভেকচিনে বিশ্বজুৰি সমাদৰ লাভ কৰিছে। বিশ্বৰ বহু দেশে ভাৰতৰ পৰা কভিড ভেকচিন আমদানি কৰিছে। আনকি কভিডৰ ভৰপক সময়ত আমি বিশ্বৰ ১০৭ খন দেশক হায়দ্ৰক্লৰিন টেবলেট যোগান ধৰিছিলো। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীক হনুমানৰ লগত তুলনা কৰিছিল।

দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ দেশত প্ৰায় ৩০ হাজাৰ স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হব। ইয়াৰে ২০ হাজাৰ ব্যক্তিগত খণ্ডত সম্পন্ন হব। চৰকাৰী খণ্ডৰ ১০ হাজাৰ কেন্দ্ৰত টীকাকৰণ বিনামূলীয়া হব যদিও ব্যক্তিগত খণ্ডত টীকাকৰণৰ বাবদ ২৫০ টকা লোৱা হ’ব ।

আনহাতে ৰাজ্যৰ আগন্তক নিৰ্বাচন সন্দৰ্ভত  মন্ত্রী চৌবেই  মত বিনিময় কৰি কয় ৰাজ্যৰ ৰাজনৈতিক  বিজেপিৰ অনুকূল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিগত প্ৰায় পাঁচটা বছৰত ৰাজ্যখনে বহু উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অতি সংবেদনশীল আৰু বিগত পাঁচ বছৰত তেওঁ প্ৰায় ৩৫ বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ ভ্ৰমণ কৰিছে। আমি অসমত আশা কৰা ধৰণে বিজেপি মিত্ৰজোঁটে ১০০ খনতকৈ অধিক আসন পাম।

আনহাতে চৌৱেই  সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পুনৰ ৰাজ্যত বিজেপি চৰকাৰ গঠন হব বুলি ব্যক্ত কৰি এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমৰ বাবে ৫৩ হাজাৰ কৌটি টকা ধার্য কৰা হৈছে বুলি কয়।

Leave A Reply