Breaking

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

0 354

মুৰফুলনী

গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত। মৃত্যু হোৱা কিশোৰটিৰ নাম জয়দ্বীপ ভূমিজ। ইফালে হঠাতে অহা এজাক ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি তহিলং কৰে ধুমুহা বৰষুণে৷ মৃত্যু হোৱা কিশোৰটি পথাৰৰ পৰা গৰু আনিবলৈ গৈছিল৷ কিন্তু হঠাৎ প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধৰি বতাহ ধুমুহাৰ লগতে বৰষুণ আহে আৰু সেই সময়তে গৰু আনিবলৈ যোৱা জয়দ্বীপ ভূমিজ নামৰ কিশোৰটিৰ গাত বজ্ৰ পৰে৷ বজ্ৰ পৰা কিশোৰটি  চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ  লৈ যোৱা হয় যদিও   চিকিৎসালয়লৈ নি থকা অৱস্থাতে  কৰুণ মৃত্যু হয়৷ মৃত কিশোৰজনক গোলাঘাট চিকিৎসালয়লৈ মৰণোত্তৰ  পৰীক্ষাৰ বাবে লৈ নিয়ে৷ আনফালে বগীজান থানাৰ অন্তৰ্গত কৌৱানীৰ কছাৰীচুকৰ আন এগৰাকী মহিলা ৰাঙলী বড়োৰ গাটো ব্ৰজ পৰে।মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীক সংকটজনক অৱস্থাত গোলাঘাট অসমাৰিক চিকিৎসালয়লৈ নিয়া হয়।বৰ্তমান মহিলা গৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে৷

Leave A Reply