Breaking

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে : মন্ত্ৰী কেশৱ মহন্ত

0 69

কলিয়াবৰ

 দেশত ক’ৰোনাৰ সঙ্কটৰ সময়ত দেশৰ সকলো স্তৰ শঙ্কিত। সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দেশৰ চিকিৎসা খণ্ডত বাঢ়িছে অভাৱনীয় তৎপৰতা। চিকিৎসা বিভাগক সহায়ৰ দিশত দেশৰ প্ৰশাসন, আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগৰ দৰে জৰুৰীকালীন সেৱা সদা সষ্টম। সেই সকলো বিভাগক নিৰৱাচ্ছিন্নভাৱে সহায় কৰিছে একেই তৎপৰতাৰে সহায় আগবঢ়াই আহিছে দেশৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। এই ক্ষেত্ৰত অসমৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগো পিছ পৰি ৰোৱা নাই। ক’ভিড-১৯ৰ সঙ্কটৰ সময়ত সক্ৰিয়তা আৰু উদ‍্যমৰ পৰিচয় দিছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। স্বাস্থ‍্য আৰু অনলাইন শিক্ষা উভয়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুয়োটা বিভাগে‌৷ ক’ৰোনা সঙ্কটৰ সময়ত অসম চৰকাৰৰ স্বাস্থ‍্য বিভাগক সকলো প্ৰকাৰে সহায় সহযোগ আগবঢ়াইছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। এই কথা সদৰি কৰিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। ৰাজ‍্যত ক’ৰোনা সংক্ৰণৰ প্ৰাৰম্ভিক সময়ৰ পৰা বৰ্তমান মুহূৰ্তলৈকে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে দুয়োটা বিভাগে। বৰ্তমান সঙ্কটৰ সময়তো বিভাগীয় মন্ত্ৰীৰ নেতৃত্বত ৰাজ‍্যৰ প্ৰতিটো বিভাগৰে ৱেব ছাইটসমূহত উপলব্ধ হৈ আছে তৎকালীন সময়ৰ তথ‍্য। বিশেষকৈ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডত প্ৰযুক্তি বিভাগ দুটাই গতিশীলতা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে। ৰাজ‍্যৰ ক’ৰোনা সংক্ৰমিত ব‍্যক্তিৰ চিকিৎসাৰ বাবে স্বাস্থ‍্য বিভাগে আয়োজন কৰা চিকিৎসক আৰু স্বস্থ‍্যকৰ্মীসকলৰ প্ৰশিক্ষণৰ সময়ৰ পৰা সংক্ৰমিত ব‍্যক্তিৰ তথ‍্য আৰু বহিঃৰাজ‍্যৰ পৰা অহা ব‍্যক্তিসকলৰ পৰিচয়লৈকে সকলোখিনি স্বাস্থ‍্য সম্পৰ্কীয় কাৰ্য‍ত সক্ৰিয়তাৰে নিজৰ ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰত স্বাস্থ‍্য বিভাগটোৰ লগত ছাঁৰ দৰে সহায়ৰ হাত আগবঢ়াবলৈ যত্নৰ ত্ৰুটি কৰা তথ‍্য, বিজ্ঞান প্ৰযুক্তি বিভাগে। মন্ত্ৰী কেশৱ মহন্তৰ তদাৰকত এদল কুশলী বিষয়া-কৰ্মচাৰীয়ে ৰাজ‍্যৰ ক’ৰোনাকালৰ প্ৰতিটো তথ‍্য প্ৰতিপলে নিৰ্ভুলভাৱে পাব পৰাকৈ সষ্টম কৰি ৰাখিছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক। তদুপৰি ক’ৰোনা সংক্ৰমণৰ প্ৰতিৰোধকল্পে বন্ধ হৈ থকা ৰাজ‍্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পাঠ‍্যক্ৰম চলাই নিয়াৰ বাবেও বিভাগী কাৰ্য‍সূচী আগবঢ়াই নিয়া হৈছে। সেই উদ্দেশ‍্যে ৰাজ‍্যৰ অনলাইন শিক্ষা ব‍্যৱস্থাতো গতিশীলতা প্ৰদানৰ বাবে তথ‍্য প্ৰযুক্তি বিভাগটোৰ অন্তৰ্গত আমট্ৰনে নতুন উদ‍্যমেৰে ৰাজ‍্যৰ শিক্ষাখণ্ডক সহায়ৰ বাবে যত্ন অব‍্যাহত ৰাখিছে। তাৰ সমান্তৰালকৈ ক’ৰোনা সন্ত্ৰাসে দেশৰ বাবে এক যোগাত্মক প্ৰভাৱ পেলোৱাৰো ইঙ্গিত দিছে। সেই সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে মন্তব‍্য দাঙি ধৰি কয় যে ক’ৰোনাৰ ভয়াবহতাৰ পিচত ইতিমধ‍্যে চীন এৰি বহুকেইটা বহুৰাষ্ট্ৰীয় প্ৰযুক্তি কাৰিকৰী প্ৰতিষ্ঠানে ভাৰতত তেওঁলোকৰ নিৰ্মাণ কাৰখানা প্ৰতিষ্ঠা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। সেই প্ৰতিষ্ঠানসমূহক অসমত কাৰখানা প্ৰতিষ্ঠা কৰাত আগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাই ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰে সেই প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজ‍্যত ইতিপূৰ্বে সাজু হৈ থকা যাৱতীয় সকলো প্ৰকাৰৰ আন্তঃগাঠনিৰ বিষয়েও পত্ৰত বিস্তৃতভাৱে জনাইছে। স্মৰ্তব‍্য যে গুৱাহাটীৰ সমীপৰ বৰঝাৰ আৰু আৰু আজাৰাত স্থাপিত চফ্‌টৱেৰ প্ৰযুক্তি পাৰ্কে এই দিশত যুগান্তকাৰী পদক্ষে ল’বলৈ সক্ষম। বৃহস্পতিবাৰে কলিয়াবৰত বিভাগ দুটাৰ যাৱতীয় কাৰ্য‍ৰ বিৱৰণ দাঙি ধৰে বিভাগীয় মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই। উল্লেখযোগ‍্য যে ৰাজ‍্যৰ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ দায়িত্ববাহী মন্ত্ৰী ৰূপে সুচাৰু ৰূপে সক্ৰিয়তাৰে দায়িত্ব পালন কৰি আছে ৰাজ‍্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই। বহু ব‍্যস্ততাৰ মাজতে এই সঙ্কট কালত মন্ত্ৰীৰ নিজা তৎপৰতাত কলিয়াবৰ সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন গৃহস্থৰ পদুলিয়ে পদুলিয়ে খাদ‍্য-সামগ্ৰী বিতৰণ কৰিছে ধাৰাবাহিকভাৱে। বৃহস্পতিবাৰে তেজপুৰত ক’ৰোনা সম্পৰ্কীয় পৰ্য‍ালোচনা সভাত অংশগ্ৰহণ কৰি কলিয়াবৰত উপস্থিত হয় যদিও প্ৰতিকূল বতৰৰ বাবে খাদ‍্য-সামগ্ৰী বিতৰণ কাৰ্য‍সূচী স্থগিত ৰাখে মন্ত্ৰী কেশৱ মহন্তই।

Leave A Reply