Breaking

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী।

0 1,076

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদানৰ সপোন সপোন হৈয়ে ৰব । চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী ।এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে।শিৱসাগৰৰ অডিঅ” চিটি কনফাৰেন্স হলত এক সংবাদমেলযোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে।‌চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭ বছৰ ৰাজত্ব কৰিছিল।বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম অন্তৰ্ভুক্ত হোৱা নাই। কেৱল ইমানেই নহয়, গড়গাঁও ৰাজধানী কালত থকা ৰজাসকলৰ বেছি সংখ্যক ৰজাৰ মৈদাম dossier বা ত উল্লেখ নাই। চাওলুং চুকাফাৰ মৈদামেই অন্তৰ্ভুক্ত হোৱা নাই ।অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে কৰা নাই অন্তৰ্ভুক্ত ।এনেদৰে অধিকাংশ ৰজাৰ মৈদাম DOSSIER ত অন্তৰ্ভুক্ত নোহোৱা বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ’বলৈ ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংবাদমেলত।

চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰা বাবেই মৈদাম অধ্যয়নৰ এক্সপাৰ্ট সকলক বৰ্তমান জৰীপ আৰু আলোচনা কালত এলাগি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে ।

Leave A Reply