Breaking

দাঁত নখ নোহোৱা হ’ল বিদ্যুত নিয়ামক আয়োগৰ। মাচুল বৃদ্ধিত কৰ্তৃত্ব প্ৰদান এপিডিচিএলক…

0 44

বন্ধ হ’ল ৰাজহুৱা শুনানী। লগে লগে চৰকাৰে দাঁত নখ নোহোৱা কৰিলে বিদ্যুত নিয়ামক আয়োগক। শক্তি বিভাগত এতিয়াৰে পৰা উঠি ৰজা বহি ৰজালৈ পদোন্নতি হ’ল এপিডিচিএল। এপিডিচিএলে এতিয়াৰ পৰা মন গ’লেই বৃদ্ধি কৰিব পাৰিব বিদ্যুতৰ মাচুল। এপিডিচিএলে ঘৰুৱা গ্ৰাহকৰ পৰা প্ৰতি ইউনিটত সৰ্বনিম্ন ৭ টকা ৪৫ পইচাকৈ মাচুল আদায় কৰি আহিছে। অবশ্যে ইউনিটত ব্যৱহাৰৰ ওপৰত নিৰ্দিষ্ট পৰিমান ধাৰ্য কৰা হৈছে আৰু সেই মৰ্মে মাচুল আদায় কৰে। ইয়াৰ উপৰি বিভাগটোৱে ফিক্সড চাৰ্জ, ইলেকট্ৰিচিটি ডিউটি আৰু ফুৱেল আৰু বিদ্যুত ক্ৰয়ৰ ধনো আদায় কৰি আহিছে। এতিয়াৰে পৰা অৰ্থাত অক্টোবৰ মাহৰ আকৌ শক্তি বিভাগে লোকচানৰ জোৰা মাৰিবলৈ অতিৰিক্ত ভাবে ১ টকা ২৯ পইচাকৈ গ্ৰাহকৰ পৰা আদায় কৰিছে।

একোজন গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জৰ পৰা ইন্ধন আৰু বিদ্যুত ক্ৰয়ৰ নামত অতিৰিক্ত মাচুল আদায় লোৱাৰ পিছতো লোকচানৰ জোৰা মৰাৰ নামত টকা সংগ্ৰহ কৰি আহিছে বিভাগটোৱে। প্ৰশ্ন হৈছে গ্ৰাহকে যদি ইমান ধন অতিৰিক্ত ভাবে আদায় দিয়াৰ পিছতো লোকচানৰ মুখ দেখি আহিছে কিয়। সৰ্বসাধাৰণ ৰাইজৰ মনত এনে প্ৰশ্নৰ উত্তৰ শক্তি বিভাগক ৰাজহুৱা কৰিবলৈ দাবী জনাইছে জনসাধাৰণে।

Leave A Reply