Breaking

মাজনিশা উন্মোচন হ’ল ব্যতিক্ৰমী গ্ৰন্থ আলবেক দলীলা…

0 84

বৃহস্পতিবাৰে মাজনিশা উন্মোচিত হ’ল কিছুদিন ধৰি অসমৰ সাহিত্য জগতত নতুন লেখাৰে সোৱাদ দিবলৈ ধৰা আৰু সাহিত্য অভিযন্তা অভিধাৰে নিজকে পৰিচয় দি ভালপোৱা উত্তৰ প্ৰদেশৰ নয়ডাত থকা চুমিন্দ্ৰ চৌধুৰীৰ স্বলিখিত পঞ্চাশটা ভিন্নসুৰী প্ৰবন্ধৰ সংকলন আলবেক দলীলা। পত্নীৰ জন্ম দিনৰ প্ৰাকমুহূৰ্তত তেখেতৰ বাসভৱনত গ্ৰন্থখন উন্মোচন কৰে তেখেতৰ পত্নী সুৰুজস্মিতা চৌধুৰীয়ে। গ্ৰন্থখনৰ ৰচনাৰ আঁৰত লুকাই থকা কথাৰ সম্ভেদ দিবলৈ গৈ চুমিন্দ্ৰ চৌধুৰী দেৱে জনোৱা মতে কিছুদিন আগতে তেখেতে পাশ্চাত্য চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ পৰিচালক কিম ফাৰ্ৰেন্টৰ “দ্যা উইকেণ্ড আৱ্যে” নামৰ ৰহস্যপূৰ্ণ বোলছবি এখন উপভোগ কৰিছিল। সচৰাচৰ ঘটা পৰকীয়া প্ৰেম আৰু তা পাছত হোৱা অনুতাপৰ ওপৰত ভিত্তি কৰি নিৰ্মিত “দ্যা উইকেণ্ড আৱ্যে” চিনেমাখনৰ কাহিনীটোৱে হেনো তেখেতক বিশেষ একো প্ৰভাৱান্বিত কৰা নাছিল। পাছে চিনেমাখনত নায়ক জনে উল্লেখ কৰা “আলবেক দলীলা” অৰ্থাত হৃদয় প্ৰকৃত পথ প্ৰদৰ্শক আৰবীক বাক্যাংশই লেখকৰ অন্তৰতৰ এক সাংঘাতিক জোৱাৰ আনি দিছিল।


জীৱনৰ বাটত আমি সকলোৱেই কেতিয়াবা উজুটি খাই কোনটো ভুল কোনটো শুদ্ধ বিচাৰ কৰিব নোৱাৰি বিভ্ৰান্ত হৈ পৰো। আমি প্ৰত্যেকেই জীৱনত তেনে পৰিস্থিতিৰ বহুত বাৰ সন্মুখীন হওঁ। কোনটো ভুল কোনটো শুদ্ধ বিচাৰ কৰিব নোৱাৰি বিবুদ্ধিত পৰো । কথাছবিখনত নায়ক জনেও তেনে সমস্যাত বাৰে পৰি ভাৰাক্ৰান্ত হৈছিল কিন্ত প্ৰতি বাৰেই তেওঁ আলবেক দলীলা অৰ্থাত হৃদয়ৰ আহ্বানক প্ৰাধান্য দি আগুৱাই যোৱাৰ চেষ্টা কৰিছিল। সংকটৰ সময়ত নায়ক জনৰ মুখত উচ্চাৰিত হোৱা আলবেক দলীলা এই আৰবীক বাক্যাংশৰ আধাৰতে শ্ৰী চৌধুৰীয়ে লিখি পেলাইছি আলবেক দলীলা নামৰ এটা দীঘলীয়া প্ৰবন্ধও। তথাপিও যেন লেখকৰ মনৰ তৃপ্তি আতৰা নাছিল । সেয়েহে বিগত এটা বছৰ ধৰি হৃদয়ৰ তাড়নাত লেখক চৌধুৰীয়ে লিখি যুগুতোৱা কেইটা প্ৰবন্ধ সামঁৰি “আলবেক দলীলা ” নামৰ প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত লৈছিল। তাৰেই ফলশ্ৰুতিত কালি মাজনিশা অসমীয়া সাহিত্যৰ জগতত সংযোজন ঘটিল আলবেক দলীলা নামৰ এই বিশেষ গ্ৰন্থ খনৰ।


গুৱাহাটীৰ “বি এন্ড এম পাব্লিচাৰ্ছ এন্ড প্ৰিন্টাৰ্চ” নামৰ নতুন প্ৰকাশন প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰি উলিওৱা এই বিশেষ গ্ৰন্থখন লেখক চুমিন্দ্ৰ চৌধুৰীয়ে উচৰ্গিত কৰিছে তেখেতৰ সুখ-দুখৰ সময়ত সদায়েই নিজৰ অন্তৰৰ আৱাহনক প্ৰধান্য দিবলৈ উৎসাহিত কৰা সহধৰ্মিণী সুৰুজস্মিতা ( জীমলি)ৰ নামত। আলবেক দলীলা নামৰ গ্ৰন্থখন ইতিমধ্যেই অসমৰ বিভিন্ন গ্ৰন্থৰ বিপনী আৰু এমাজনত ইতিমধ্যেই উপলব্ধ কৰা হৈছে। কিতাপখন পঢ়ি পাঠক সমাজ উপকৃত হ’ব বুলি লেখক চুমিন্দ্ৰ চৌধুৰী যঠেষ্ট আশাবাদী।

Leave A Reply