Breaking

সলনি হ’ব মহানগৰ আৰক্ষী ব্যৱস্হাৰ চেহেৰা, ৩৪ খনলৈ বৃদ্ধি পাব থানা…

0 18

মহানগৰ গুৱাহাটীত বৃদ্ধি পোৱা অপৰাধমূলক ঘটনাৰ বাবে চৰকাৰে আৰক্ষীৰ ব্যাপক পৰিবৰ্তন অনাৰ বিষয়ে ঘোষনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰামতে বৰ্তমান মহানগৰীত থকা ১৯ খন থানাৰ বিপৰীতে ৩৪ খনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে আৰক্ষী আয়ুক্তালয়ৰ অধীনত থকা চাৰিখন জিলাৰ পৰা আৰু এখন অৰ্থাৎ পাঁচখনলৈ বৃদ্ধি কৰাৰো চিন্তা চৰ্চা কৰিছে। আনহাতে আৰক্ষীয়ে জব্দ কৰা গৰাকীবিহীন বাহন, দুৰ্ঘটনাগ্ৰস্থ বাহন সমূহ তিনিমাহৰ ভিতৰত আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিক্ৰি কৰাৰো সিদ্ধান্ত গ্ৰহন কৰে।

এই ব্যৱস্থাই থানা সমূহৰ সম্মুখত এনে বাহন দমাই ৰখি সৃষ্টি কৰা কদৰ্যময় পৰিবেশৰ অবসানৰ হব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। একেদৰে বিভিন্ন অভিযানত আৰক্ষীয়ে জব্দ কৰা সোন লগে লগে বিক্ৰি কৰাৰো সিদ্ধান্ত গ্ৰহন কৰা হয়। পৰবৰ্তী সময়ত গৰাকীক মূল্য ওভোটাই দিয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। তেওঁ জানিবলৈ দিয়ামতে ৰাজ্যখনৰ ৫০ শতাংশ অপৰাধমূলক গোচৰ মহানগৰীৰ থানাত পঞ্জীয়ন হোৱালৈ চাই এই ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

Leave A Reply