Breaking

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

0 1,074

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়ি অহাত নদীখনৰ বাঢ়নী পানীয়ে ভয়াবহৰূপ ধাৰণ কৰিছে ।ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে উপচি পৰা নৈখনৰ বাঢ়নি পানীয়ে গেলেকী নপুখুৰী পঞ্চায়তৰ অধীনৰ লাহন গাওঁ,মৰাণ গাওঁ,ওখটিং,নামদাং ট্ৰাইবেল গাওঁ,তল মৰাণ গাঁও আদি কৰি কেইবাখনো গাওঁ প্লাৱিত কৰি তুলিছে।গাওঁকেইখনৰ শ শ লোক বানত আক্ৰান্ত হোৱাৰ লগতে গাওঁকেইখনৰ কেইবাশ হেক্টৰ কৃষি ভূমি জলমগ্ন কৰি তুলিছে।গাওঁৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা আগতীয়া ধানৰ পথাৰ জলমগ্ন কৰি অনিষ্ট সাধন কৰিছে।উল্লেখ্য যে এই বাঢ়নী পানীৰ ফলত নামদাং ট্ৰাইবেল গাৱঁৰ নামঘৰকে ধৰি বহু ঘৰ বাৰী পানীৰ তলত ডুব যায়।নদীখনৰ বাঢ়নি পানীয়ে নিশাৰ ভাগত নদীখনৰ পাৰত থকা নাম মাত্ৰ মাথাউৰিটোৰ বিভিন্ন অঞ্চলত খহাই নিয়াৰ ফলত অঞ্চলটোৰ বাট-পথ সকলো পানীৰ তলত।ইফালে হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে গঞা ৰাইজৰ মাজত।স্মৰ্তব্য যে বছৰি ব্যাপক বানপানী আৰু নদীখনৰ পাৰত উন্নত মানৰ মাথাউৰি নোহোৱাৰ বাবে নাগালেণ্ড ত হোৱা অবৈধ কয়লা খননৰ ফলত নদীখনৰ পানীয়ে কয়লাৰ বিষাক্ত দ্ৰব্য কঢ়িয়াই আনি অঞ্চলটোৰ কৃষি ভূমিত ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰাৰ বাবে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰো কেইবাশ হেক্টৰ ভূমিৰ চাহ নষ্ট কৰি আহিছে ।অসম-নাগালেণ্ড সীমান্তবৰ্তী এই অঞ্চলৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সংগঠন আৰু স্হানীয় ৰাইজে দাবী জনাই অহাৰ পাছতো এই পৰ্যন্ত কোনো প্ৰদক্ষেপ গ্ৰহন কৰা নাই।যাৰবাবে দশক দশক ধৰি নদীখনৰ ভয়াবহ বান খহনীয়াৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে সীমান্ত অঞ্চলটোৰ ন-পুখুৰী পঞ্চায়তৰ ৰাইজে। 

Leave A Reply