Breaking

ছিৰাজুল হক হাইস্কুলত ৭২ লাখ টকা ব্যায়েৰে চাৰি কোঠাযুক্ত বিদ্যালয়গৃহৰ আধাৰশিলা স্থাপন বিধায়ক মজিবুৰ ৰহমানৰ

0 28

দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে মঙ্গল বাৰে দিনজোৰা কাৰ্যসূচীৰে শিলবৰী ছিৰাজুল হক হাইস্কুলত অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে।


আধাৰশিলা স্থাপন কৰা অতিৰিক্ত গৃহসমূহ চাৰি কোঠাযুক্ত হোৱাৰ লগতে থাকিব অত্যাৱশ্যকীয় সুবিধা। সমগ্ৰ শিক্ষাৰ অধীনত মুঠ ৭২,০০,০০০’০০( বাসত্তৰ লাখ) টকা ব্যয় সাপেক্ষ হব এই বিদ্যালয়ৰ অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ। শৈক্ষিক দিশত অধিক উন্নয়ন হব বুলি আশা কৰিয়েই শিক্ষানুষ্ঠান চৌহদত এই শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। দৰং জিলাৰ শিলবৰীত ১৯৮১ চনত স্থাপিত বিদ্যালয়ত উচ্চ শিক্ষাৰ মূল কেন্দ্ৰ স্বৰূপ ছিৰাজুল হক হাইস্কুল।

সংখ্যালঘু জনবহুল বৃহত্তৰ অঞ্চল খিনিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এটা হোৱাত ১৪০০ পৰা ১৫০০ ছাত্ৰ-ছাত্ৰী আছে বিদ্যালয় খনত। ছাত্ৰ-ছাত্ৰী অতিমাত্ৰা হোৱাত আছে বিভিন্ন সমস্যা,ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক,নাই শ্ৰেণীৰ কোঠা। বিদ্যালয় খনত পাঠদান ক্ষেত্ৰত হয় বহু অসুবিধা।

বিদ্যালয় খনত বৰ্তমান আছে মাত্ৰ সোতৰ গৰাকী শিক্ষক। বিধায়ক মজিবুৰ ৰহমানে নতুনকৈ চাৰি কোঠালী যুক্ত শ্ৰেণীকোঠাৰ উদ্বোধনক লৈ উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল। বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু বিভিন্ন সমস্যা, ছাত্ৰ-ছাত্ৰী সৰ্বাঙ্গীন উন্নতিৰ বাবে বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে দলগাওঁৰ বিধায়ক মজিবুৰ ৰহমানক এখনি স্মাৰক পত্ৰ দিয়ে। লগতে বৰ্তমান শাসনাধীন চৰকাৰক ছাত্ৰ অনুপাতে নতুনকৈ শিক্ষক নিযুক্তি দিয়াৰ বাবেও অনুৰোধ জনায়।


আধাৰশিলা স্থাপন কৰা সময়ত আৰু সভাখনত দলগাঁও সমষ্টিৰ বিধায়ক ৰহমানৰ লগতে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সগেন দে, বৰ্তমানৰ প্ৰধান শিক্ষক হজৰত আলী, শিক্ষক ছায়েদুৰ ৰহমান,গোলাম হুছেইন,প্ৰতাপ হাজং,অনুপম ডেকা, সঞ্জয় দত্ত,ইব্ৰাহিম আলী,ওমৰ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাইদৰ আলী, আব্দুল খালেক, প্ৰাক্তন শামপুৰ জিলা পৰিষদৰ সদস্য আব্দুল লতিফ,সমাজ সেৱক হেবজুৰ ৰহমান,ছামচুল হক,আব্দুল মালেক,নজিৰ আহমেদ, বাহাৰুল ইছলাম,গোলাপ মস্তোফা আৰু বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক, স্থানীয় গন্য-মান্য ব্যক্তি, সমাজকৰ্মী, ৰাজনীতিবিদ উপস্থিত থাকে।

Leave A Reply