Breaking

মঙলদৈত স্থাপন হ’ব ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়ব মূৰ্ত্তি

0 2,118

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়নৰ অৱয়ব মূৰ্তি অহা ৭ মাৰ্চত ঐতিহাসিক মঙলদৈ বৰপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা হ’ব। ১৬০৬ চনতেই দৰং জিলাৰ হাউলীত ৰাজধানী স্থাপন কৰি দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা ধৰ্মনাৰায়ণ আছিলে বিশ্বমহাবীৰ চিলাৰায়ৰ নাতি। যুদ্ধ বিগ্ৰহৰ পৰিৰ্ৱতে প্ৰজা হিতকৰ কামত আত্ম নিয়োগ কৰা ধৰ্মনাৰায়ণে দৰঙত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল। তাৰোপৰি দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে। প্ৰখ্যাত ভাস্কৰ্য, সুকুমাৰ কলা শিল্পী বীৰেণ সিংহই সাজি উলিওৱা ২২ ফুট উচ্চতাৰ পূৰ্ণ অৱয়ব মূৰ্তিটো অহা ৭ মাৰ্চ ৰবিবাৰে উন্মোচন কৰা হব। এই উপলক্ষে ৰজা ধৰ্মনাৰায়ণৰ মূৰ্ত্তি স্থাপন আৰু পৰিচলনা সমিতিৰ সভাপতি গুৰুজ্যোতি দাস, কাৰ্যকৰী সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সম্পাদক বাসৱ চন্দ্ৰ ডেকাই জনোৱা মতে মূৰ্তিটো উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাংবাদিক কনকসেন ডেকাই। তাৰোপৰি মূৰ্তি উন্মোচন উপলক্ষে হবলগীয়া সভাত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, বিধায়ক দিলীপ শইকীয়া, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত কুমাৰ ভূঞা, অৱসৰী অধ্যাপক ইৰশ্বাহ আলি আৰু ডঃ লোহিত চন্দ্ৰ বৈশ্যাই অংশগ্ৰহণ কৰে। মূৰ্তি উন্মোচনী অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

Leave A Reply