Breaking

“একাংশ বিষয়া কৰ্মচাৰীৰ বাবেই বদনাম হৈছে চৰকাৰ” ক’ত কোনে ক’লে?

0 71

ডিমা হাচাওঁৰ হাফলংত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠক শেষ কৰি হঠাতে হোজাইৰ নীলবাগানত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ৷ মন্ত্ৰী গৰাকীয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাঁও পঞ্চায়ত  খনত হোৱা এম,জি, এনেৰেগা, প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মান হোৱা ঘৰ সমূহ পৰিদৰ্শন কৰে ৷ লগতে স্থানীয় একাংশ লোকৰ লগত মত বিনিময় কৰি উন্নয়নমূলক কাম কাজৰ লগতে,অৰুনোদয়, বৃদ্ধ পেঞ্চন আদি সন্দৰ্ভত বুজ লয় ৷ ইয়াৰ মাজতে পঞ্চায়ত খনত হোৱা উন্নয়নমূলক কাম কাজ প্ৰতক্ষ্য কৰি  মন্ত্ৰী বিমল বৰাৰ চকু কপালত উঠে ৷ এক প্ৰকাৰ বিষয়া সকলৰ ওপৰত সৰৱ হৈ পৰে মন্ত্ৰী গৰাকীয়ে৷ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মান হোৱা এটি ঘৰ দেখুৱাবলৈ লগত উপস্থিত থকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাক নিৰ্দ্দেশ দিয়ে ৷ সেই মৰ্মে তেওঁলোকে পঞ্চায়ত খনত পি,এম আই আঁচনিৰ অধীনত নিৰ্মান হোৱা এটি ঘৰ দেখুৱাই ৷ ঘৰটো চাই মন্ত্ৰী অবাক হৈ পৰে ,কিয়নো পি,এম,আই অধীনত নিৰ্মান হোৱা ঘৰটোৰ নক্সাই সম্পূৰ্ণ ৰূপে সলনি কৰি পেলোৱা হৈছে ৷ বিন্নাকান্দি উন্নয়ন খণ্ডত হোৱা উন্নয়নমূলক কাম কাজক লৈ তীব্ৰ অসন্তুষ্টি  প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ সমূহ কামৰ তদন্ত কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰায় ৷

 মন্ত্ৰীৰ এই আকষ্মিক ভ্ৰমনৰ সময়ত মন্ত্ৰী বিমল বৰাক  সংগ দিয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেফালী চক্ৰৱৰ্তী ,কনিষ্ট অভিযন্তা আলা উদ্দিন আহমেদকে প্ৰমুখ্য কৰি আন আন বিষয়া সকলে ৷ইপিনে মন্ত্ৰীগৰাকীয়ে অনিয়মৰ কথা নিজ মুখে স্বীকাৰ কৰাৰ পাছত বিন্নাকান্দি উন্নয়ণ খণ্ডত সংঘটিত সকলো দুৰ্নীতি আৰু অনিয়মৰ তদন্ত বিচাৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল সংগঠনে ৷ দুৰ্ণীতিকাৰী সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ পূৰ্বে বাকী মেটেৰিয়েলচৰ বিল মুকলাই নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ডবকাৰ সচেতন মহলে ৷

বিন্নাকান্দি উন্নয়ন খণ্ডৰ ২৪ খন গাওঁ পঞ্চায়তৰ  প্ৰায় প্ৰতিটো পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিসহ কোটি কোটি টকাৰ  ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে অনেক,শশ মৃত ব্যক্তিৰ নামত জবকাৰ্ডৰ হতুৱাই ধন আত্মসাৎ কাৰৰ অভিযোগ আছে,মানুহ মৃত্যু হৈ বছৰ বছৰ ধৰি কবৰস্থান,শ্মাশানত বিলিন হৈছে ঠিকেই কিন্ত ভয়ানক ভাৱে একাংশ দালালৰ হতুৱাই একাংশ বিষয়া কৰ্মচাৰী ,জনপ্ৰতিনিধি সকলে মিলি   মৃত হোৱা লোকৰ নামত থকা  জবকাৰ্ডৰ জৰিয়ে বেংকৰ পৰা ধাৰাবাহিক ভাৱে টকা উঠাই হজম কৰাৰ কথা চৰ্চা চলিছে সমষ্টি খনত৷ ৷কেৱল সেয়াই নহয় জবকাৰ্ড হিতাধিকাৰী বহিৰাজ্যত বা বহি ৰাষ্টাত কৰ্মৰত আনকোনোবা মহিলা শ্ৰমিক প্ৰসূতিৰ বাবে চিকিৎসা লয়ত যদিও  একাংশ দালালে কাম  কৰা দেখুৱাই ব্লকৰ পৰা লুটিপুটি খাইছে কোটি কোটি টকা,এই ক্ষেত্ৰত হোজাই জিলা প্ৰশাসন,যমুনামুখ সমষ্টিৰ বিধায়ক,লোক সভাৰ সাংসদ,বিভাগীয় কৰ্তৃপক্ষই ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাত ডবকাৰ দল সংগঠনৰ লগতে সচেতন মহলতে উদ্বেগ প্ৰকাশ কৰিছে৷  প্ৰতিটো পঞ্চায়তৰ  দুৰ্নীতিৰ তদন্ত কৰিলে বহু ৰৌ বৰালি জালত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে ৷এই ক্ষেত্ৰত দল সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷

Leave A Reply