Breaking

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ব্যক্তিগত শিক্ষাঅনুষ্ঠানত বিনামূলীয়া হ’ব দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা

0 58

ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ২৫ শতাংশ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে গুৱ‍াহাটী উচ্চ ন্যায়ালয়ে৷

আবেদনকাৰী বিপিএলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ব্যক্তিগত শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষা লাভ কৰে, তাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে আদালতে।

‘উই ফৰ গুৱাহাটী’ নামৰ সংস্থাটোৱে দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন (পিআইএল)ৰ পিছতে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে।

সংস্থাটোৱে সদৰী কৰে যে শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে বিভাগে বিপিএলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে ব্যক্তিগত শিক্ষানুষ্ঠানলৈ কোনো নিৰ্দেশনা প্ৰেৰণ কৰা নাই।

পূৰ্বে এই নিৰ্দেশনাক লৈ ৰাজ্য চৰকাৰে আদালতত শপতনামা দিছিল যদিও আইনখনৰ বিধান মানি চলা নাছিল বিভাগটোৱে।

ব্যক্তিগত শিক্ষানুষ্ঠানত বিপিএলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা দিয়াটো ব্যক্তিগতভাৱে নিশ্চিত কৰিবলৈ শিক্ষা বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে আদালতে।

Leave A Reply