Breaking

ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ…

0 39

ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! ৰাজেন গোঁহাইৰ বিৰুদ্ধে এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ। গোহাঁয়ে জিমৰ সামগ্ৰী আঁতৰাই জিমৰ কোঠাটোত ৰাখিছিল ব্যক্তিগত নিৰাপত্তাৰক্ষীক। ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! ৰাজেন গোঁহাইৰ বিৰুদ্ধে এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ। জিমটো বন্ধ হৈ থকাত বিগত ৬ বছৰে বঞ্চিত হৈ আছে নগাঁৱৰ ক্ৰীড়াবিদসকল। ২০১৭ চনৰ পৰাই বৰ্তমানলৈ বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিমটো। অভিযোগ মতে, ৰাজেন গোহাঁয়ে জিমৰ সামগ্ৰী আঁতৰাই কোঠাটোত ৰাখিছিল ব্যক্তিগত নিৰাপত্তাৰক্ষীক। ৰাজেন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে নগাঁও ক্ৰীড়া সন্থাই। ২০১৭ চনৰ পৰাই নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্বত আছিল ৰাজেন গোহাঁই।

নগাঁও ক্ৰীড়া সন্থাই এই জিমটো নগাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তি বাবুল বাৰ্মিৰ নামত উছৰ্গিত কৰিছিল। সেই দিনটোৰ পৰাই এই জিমটো নিয়মীতভাৱে জিমটো চলি আছিল। অসম ক্ৰিকেট সন্থাৰ লগতে নগাঁও ক্ৰীড়া সন্থাই এই জিমটোলৈ কিছুমান অত্যাধুনিক সামগ্ৰীও দিছিল। এই জিমটো খেলুৱৈসকলৰ অনুশীলনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। জিম খেলুৱৈসকলৰ বাবে খুবেই প্ৰয়োজনীয়। ২০১৭ চনত ৰাজেন গোহাঁয়ে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা এই জিমটো চলাই থকা ব্যক্তিগৰাকীক ইয়াৰ পৰা যাবলৈ দিয়ে আৰু জিমটো তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক থকাৰ ব্যৱস্থা কৰি দিয়ে। নগাঁও ক্ৰীড়া সন্থাই কেবাবাৰো সন্থাৰ সভাপতি গোহাঁইক জিমটো মুকলি কৰি দিবলৈ দাবী জনাই আহিছিল যদিও গোহাঁয়ে জিমটো খেলুৱৈসকলৰ বাবে মুকলি কৰি দিয়া নাছিল। শেহতীয়াভাৱে নগাওঁ ক্ৰীড়া সন্থাৰ পৰম্পৰাগত যি নিৰ্বাচন সেয়া অনুষ্ঠিত হৈ যায় আৰু নতুন কমিটীয়ে দায়িত্ব ভাৰ লয়। সম্প্ৰতি নতুন কমিটীয়ে দায়িত্ব ভাৰ লৈয়ে জিমটো মুকলি কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

Leave A Reply