Breaking

ভক্তিৰসত জীপাল মাধৱদেৱ প্ৰতিষ্ঠাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ…

0 32

আজি পহিলা ভাদ। আজিৰ পৰা অসমীয়া পবিত্ৰ মাহৰ আৰম্ভণি। অসমৰ প্ৰতিখন সত্ৰ, পীঠ, নামঘৰত আজিৰে পৰা মাহজোৰাকৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিক চৰ্চা কৰিব অসমীয়া সমাজে। আজিৰে পৰা ৰাজ্যৰ অনান্য পীঠ নামঘৰৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰনামঘৰতো বৰনামঘৰ পৰিচালনা সমিতিৰ আতিৰ্থত মাহজোৰাকৈ আয়োজন কৰা মহা পালনামৰ আজিৰ পৰা আৰম্ভ হব।তাক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে। পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কালি সংক্ৰান্তিৰ দিনাৰ পৰাই এই ঐতিহাসিক পীঠত হাতে হাতে ধূপ,চাকি,নৈবদ্য লৈ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে,অক্ষয় বন্তিৰ সেৱা লৈছে,বছৰটো যেন কুশলে যায় তাৰ বাবে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে।

আনহাতে বৰ নামঘৰ পৰিচালনা সমিতিয়েও ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কোনো ভকত বৈষ্ণৱে যাতে অহা যোৱা,গাড়ী ৰখা স্থান,খোৱা বোৱা,বিশুদ্ধ খোৱা পানী, প্ৰয়োজন সাপেক্ষে থকা, চিকিৎসকে ধৰি সকলো ব্যৱস্থা সুন্দৰকৈ ইতিমধ্য কৰিছে বুলি জানিবলৈ দিয়ে। লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এই মাহজোৰা পালনামত অংশগ্ৰহণ কৰি অক্ষয় বন্তিৰ সেৱা লবলৈ আহ্বান জনাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিকে পবিত্ৰ ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰত সহায় হোৱাকৈ চৰকাৰী অনুমোদনপ্ৰাপ্ত পলিথিন আৰু ডাষ্টবিন প্ৰদান কৰি বৰনামঘৰৰ পৰিবেশ নিকাকৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে।

Leave A Reply