Breaking

অসুস্থ কুকুৰৰ আৰোগ্য কামনা কৰি মন্দিৰত কুকুৰৰ ওজনৰ সমান গুড় আগবঢ়ালে গৃহস্থই…

0 22

পশুপ্ৰেমঃ অসুস্থ কুকুৰৰ আৰোগ্য কামনা কৰি মন্দিৰত কুকুৰৰ ওজনৰ সমান গুড় আগবঢ়ালে গৃহস্থই

পশুপ্ৰেমৰ এক জীৱন্ত উদাহৰণ পোৱা গৈছে তেলেংগানাত। পশু প্ৰেম নাথাকিলে হয়তো কোনেও কুকুৰৰ বাবে মন্দিৰত পূজা-অৰ্চনা নকৰে। তেলেংগানাৰ মুলুগু জিলাৰ এটা পৰিয়ালে দেৱীক তেওঁলোকৰ কুকুৰটোৰ আৰোগ্য কামনা কৰি প্ৰসাদ হিচাবে গুড় আগবঢ়াই পূজা-পাঠ কৰাৰ ঘটনাই প্ৰকৃতি আৰু পশু প্ৰমেীসকলক আনন্দিত কৰি তুলিছে।

কুকুৰৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰা দম্পতী হৈছে জ্যোতি-বিচ্ছাপতি । দম্পতীৰ ঘৰত ‘লিঅ’ নামৰ এটা কুকুৰ আছে। কুকুৰটোৰ স্বাস্থ্য কেইদিনমানৰ পৰা বিশেষ ভাল নাছিল। পৰিয়ালটোৱে কুকুৰটোৰ স্বাস্থ্যকলৈ চিন্তিত হৈ পৰিছিল। পৰিয়ালৰ সদস্যসকলে কুকুৰটোৰ চিকিৎসাৰো ব্যৱস্থা কৰিছিল, কিন্তু কুকুৰটো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাছিল।

অৱশেষত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ কুকুৰ লিঅ’ৰ সম্পূৰ্ণ আৰোগ্য কামনা কৰি দেৱীৰ মন্দিৰত প্ৰসাদ আগবঢ়াই পূজা কৰে। দম্পতীয়ে কুকুৰটোৰ ওজনৰ সমান গুড় দেৱীক আগবঢ়াইছিল। পৰিয়ালৰ সদস্যসকলে কয় যে এনেদৰে প্ৰসাদ আগবঢ়াই পূজা কৰাৰ পিছৰে পৰা কুকুৰটো লাহে লাহে সুস্থ হৈ উঠিছে। ফলত পৰিয়ালটো হৈ পৰিছে সুখী।

Leave A Reply