Breaking

শিক্ষামূলক ভ্ৰমণৰ হেতু যাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ…

0 74

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী আৰু যোৰহাট গোটৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে আজি বিভাগটোৰ মুৰব্বী অধ্যাপক ড° উজ্বল অৰুন মাস্কেৰ তত্বাবধানত বিভাগটোৰ ৪০ গৰাকী শিক্ষাৰ্থী শিক্ষামূলক ভ্ৰমনৰ হেতু দিল্লী, হৰিদ্বাৰ আৰু ঋষিকেশলৈ ৰাওনা হৈছে ৷ ভ্ৰমন কালছোৱাত দলটোৱে উত্তৰ ভাৰতৰ যোগৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন যোগ সমন্ধীয় স্থান পৰিদৰ্শন কৰিব ৷

ইয়াৰ সমান্তৰালভাৱে ২৭ ফেব্ৰুৱাৰীত হৰিদ্বাৰস্থিত গুৰুকুল কাংৰি বিশ্ববিদ্যালয়ত অনুষ্ঠিত “ভাৰতীয় স্বাধীনতা আন্দোলনত যোগীসকলৰ অৱদান” শীৰ্ষক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰটো দলটোৱে অংশগ্ৰহন কৰাৰ লগতে বিভাগটোৰ যোগ শিক্ষক ঋতুৰাজ বৰুৱা আৰু নাজিয়া আখতাৰ তথা ২য় ষান্মাসিকৰ ছাত্ৰী পল্লৱী বৰা, সংগীতা ৰয়ে উক্ত বিষয়ত গৱেষনা পত্ৰ উপস্থাপন কৰিব ৷ হৰিদ্বাৰস্থিত পটঞ্জলী যোগ বিশ্ববিদ্যালয় তথা ভাৰতবৰ্ষৰ উচ্চ স্থানত নাম সন্নিবিষ্ট দেৱ সংস্কৃতি বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰি ২ মাৰ্চ তাৰিখে দিল্লীত যোগ গুৰু শ্ৰী শ্ৰী ৰৱিশংকৰ দেৱৰ উপস্থিতিত ভাৰতীয় যোগ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰত দলটোৱে অংশগ্ৰন কৰিব ৷

দিল্লীস্থিত মুৰাৰাজি দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি ৪ মাৰ্চ তাৰিখে গুৱাহাটিমুখে উভতি আহিব ৷ উক্ত শিক্ষামূলক ভ্ৰমনৰ বাবে যোৱা দলটিক পুৱাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰা, গুৱাহাটী গোটৰ ইনচাৰ্জ তথা উপ-পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰ কান্তি সৰকাৰে শুভবাৰ্তা প্ৰদান কৰিছে ৷

Leave A Reply